নলবাৰী, সংবাদ ৩৬৫, ১৬ মেঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বুধবাৰে নলবাৰীত কংগ্ৰেছ দলে বিশাল প্ৰতিবাদী সমদল উলিয়াই। প্ৰতিবাদী সমদশলত অংশগ্ৰহণ কৰি অসম প্ৰদেশৰ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই কয় যে খিলঞ্জীয়াৰ অস্তিত্ব কেৱল কংগ্ৰেছ দলে ৰক্ষা কৰিছে। নলবাৰী জিলাৰ ৰাজীৱ ভৱনৰ পৰা উলিওৱা প্ৰতিবাদী সমদলটো জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ বিধেয়কখনৰ বিৰোধিতা কৰি অতি শীঘ্ৰে বিধেয়কখন বাতিল কৰাৰ দাবীত জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰে। প্ৰতিবাদী সমদলত প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাও অংশগ্ৰহণ কৰে।