কলগাছিয়া, সংবাদ ৩৬৫, ১২ জানুৱাৰী: জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্র ৰাজ্যজুৰি বিভিন্ন দল সংগঠনৰ তীব্ৰ প্ৰতিবাদ চলি থকাৰ উপৰিও ছাত্র-ছাত্ৰীসকলৰ শ্ৰেণী বৰ্জন কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হৈছে। কটন বিশ্ববিদ্যালয়, দক্ষিণ কামৰূপ স্কুলকে ধৰি বৰ্তমান সকলো ছাত্র ছাত্রীৰ মাজত জাতি ৰক্ষাৰ প্ৰতিবাদৰ জোৱাৰ উঠিছে। শনিবাৰেও পুৱা কলগাছিয়া নৱজ্যোতি মহাবিদ্যায়ৰ ছাত্ৰ-ছাত্ৰী আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত অৰ্নিদিষ্ট কালৰ বাবে শ্ৰেণী বৰ্জন কাৰ্যসূচী হাতত লৈছে। এই কাৰ্যসূচী হৈছে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ৷ অসম চৰকাৰ হায় হায়, নাগৰিকত্ব সংশোধনী বিল বাতিল কৰক আদি ধ্বনি দি মহাবিদ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰি শীঘ্ৰে জাতিৰ পক্ষত থাকি কাম কৰি যাবলৈ আহ্বান জনায়। সমগ্ৰ অসমবাসীয়ে যি সময়ত নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে এটা মতত উপনীত হৈ প্ৰতিবাদ কৰিছে সেই সময়তেই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে জাতিধ্বংসী বিধেয়কৰ পক্ষত থিয় দিয়াৰ অভিযোগ কৰিছে৷ শীঘ্ৰে উক্ত জাতিদ্ৰোহী বিধেয়ক খন বাতিলৰ দাবী উত্থাপন কৰে।অন্যথা ইয়াতকৈ আৰু ভয়াবহ আন্দোলনৰ কাৰ্যসূচী হাতত লব বুলি সকীয়াই দিয়ে কলেজীয়া ছাত্র আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে৷