শিমলুগুৰি, ২৭ অক্টোবৰঃ দহ টকীয়া ধাতু মুদ্ৰাৰে এবাৰত এহেজাৰ টকা পৰ্য্যন্ত  বেংকত জমা থব পাৰিব। নাজিৰা মহকুমাৰ অন্তৰ্গত কিছুসংখ্যক বেংক আৰু ব্যৱসায়িক প্ৰতিষ্ঠানে ১০ টকাৰ ধাতুৰ মুদ্ৰা দৈনন্দিন লেনদেনত গ্ৰহণ নকৰাৰ অভিযোগ মহকুমা প্ৰশাসনক অৱগত কৰা হৈছে। নাজিৰা তথ্য আৰু জনসংযোগ বিষয়াই অভিযোগৰ ভিত্তিত স্পষ্ট কৰিছে যে, ১০ টকাৰ ধাতু মুদ্ৰা বৰ্তমান প্ৰচলিত আইনসংগত মুদ্ৰা। ধাতুৰ মুদ্ৰা আইন ২০১১ৰ ধাৰা ৬(১) অনুসৰি দৈনন্দিন লেনদেন আৰু বেচা কিনাত এই মুদ্ৰা আইনসংগত মুদ্ৰা। এনেক্ষেত্ৰত গ্ৰাহকৰ সুবিধাৰ স্বাৰ্থত সকলোৱে এই মুদ্ৰা গ্ৰহণ কৰিব লাগিব, নহ’লে আইন অনুসৰি বিহিত ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব। উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ৩ জুলাইত ভাৰতীয় ৰিৰ্জাভ বেংকে ডিচিএম(এন ই) নম্বৰ জি- ১/০৮.০৭.১৮/২০১৭-১৮ এক জাননি যোগে বেংকসমূহে ধাতু মুদ্ৰা গ্ৰহণ কৰাৰ ক্ষেত্ৰত বিশেষ নীতি নিৰ্ধাৰণ কৰি দিছে। এই নীতি অনুসৰি ১ টকা বা তাৰ ওপৰৰ ধাতু মুদ্ৰাৰে এবাৰত ১০০০ টকা পৰ্য্যন্ত বেংকত জমা থব পাৰিব। কোনো বেংকৰ শাখাই এই নীতি অমান্য কৰিলে গ্ৰাহকে বেংকৰ উৰ্দ্ধতম কৰ্তৃপক্ষক অৱগত কৰিব পাৰিব আৰু কৰ্তৃপক্ষই নিয়ম অনুসৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব।