আমিনুৰ ৰহমান সৈতে আশ্ৰফৰ ৰহমান

শিৱসাগৰ 

৩ ছেপ্টেম্বৰ

শিৱসাগৰ জিলাৰ নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু গড়গাওঁ মহাবিদ্যালয়ৰ সহযোগত সৃজন অসম নামৰ বেচৰকাৰী অনুষ্ঠান মেডিচিটি গুৱাহাটীয়ে শিৱসাগৰ জিলাৰ ভিতৰত পোনপ্ৰথমবাৰৰ বাবে জনসাধাৰণৰ শৰীৰত ছাৰা ক’ভাৰ-২ প্ৰতিৰোধ ক্ষমতাৰ মূল্যায়ন শীৰ্ষক এক চেৰোল’জিকেল জৰীপ অনুস্থিত কৰে।

কৰ’ণা মহামাৰীৰ পৰিপেক্ষিত যোৱা ৩০ মাৰ্চত এক সংবাদমেলৰ জৰিয়তে ভাৰতীয় চিকিৎসাবিজ্ঞান পৰিষদে ভাৰতৰ সকলো ৰাজ্যক চেৰোল’জিকেল জৰীপৰ নিৰ্দেশ দিছিল।বৃহস্পতিবাৰে শিৱসাগৰ জিলাৰ নাজিৰাৰ গড়গাওঁ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক চেৰোল’জিকেল জৰীপ তথা নমুনা সংগ্ৰহ প্ৰক্ৰিয়াৰ শুভআৰম্ভ কৰা হয়।চেৰোল’জিকেল জৰীপ অনুষ্ঠানত নাজিৰাৰ ভিন্ন অঞ্চলৰ কৰ’ণা মহামাৰীৰ সময়ত নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি জৰুৰী বিভাগ সেৱা আগবঢ়াই থকা আৰক্ষী-প্ৰশাসন, চিকিৎসা সেৱাৰ লগত জড়িত ব্যক্তি, চাফাই কৰ্মী, সাংবাদিকৰ লগতে সাধাৰণ জনসাধাৰণকে ধৰি মুঠ তিনিশৰো অধিক ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।চেৰোল’জিকেল জৰীপ অনুষ্ঠানত নাজিৰাৰ মহকুমাধিপতি সম্প্ৰীতি গোস্বামীৰ লগতে গড়গাঁও মহাবিদ্যালয়ৰ অধক্ষ্য তথা বিশিষ্ঠ লেখক, চিন্তাবিদ সব্যসাচী মহন্তও উপস্থিত থাকে ৷

চেৰোল’জিকেল জৰীপৰ জৰিয়তে এখন দেশ বা ৰাজ্যৰ জনসংখ্যা গাঁথনিত কিমান সংখ্যক জনসংখ্যাৰ ক’ৰণা মহামাৰীৰ অসংক্ৰমণতাৰ ক্ষমতা আছে তাৰ এখন স্পষ্ট ছবি ফুটি উঠাৰ লগতে ক’ৰণা মহামাৰী সংক্ৰমণৰ সম্ভাৱনীয়তা বিষয়ে এই জৰীপে আগতীয়াকৈ অনুমান কৰাত সহায় কৰাৰ লগতে ক’ৰণা মহামাৰী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কিছু নতুন কৌশল অৱলম্বনৰ ক্ষেত্ৰত চৰকাৰক সহায় কৰিব। বৰ্তমান সময়ত এই জৰীপৰ অধ্যয়নে অসমৰ নখন জিলাক সামৰি লোৱাৰ পৰিকল্পনা কৰাৰ লগতে অসমৰ ভিন্ন শ্ৰেণীৰ সম্প্ৰদায়, জনসংখ্যাক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে।