গুৱাহাটী, সংবাদ ৩৬৫, ২৫ মেঃ শুক্ৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ’ল গায়িকা নাহিদ আফ্ৰিন। আটাইকেইটা বিষয়ত লেটাৰ নম্বৰসহ মুঠ ৫৪৯ নম্বৰ লাভ কৰিছে নাহিদে আফ্ৰিন। অসমীয়া সংগীত জগতৰ উদীয়মান তাৰকা গৰাকীয়ে সংগীত জগতৰ ব্যস্ততাৰ মাজতো এই সফলতা লাভ কৰাত অতিকৈ উৎফুল্লিত হৈ পৰিছে। উল্লেখ্য যে ইণ্ডিয়ান আইডল নামৰ সংগীত অনুষ্ঠানৰ জড়িতে নাহিদ আফ্ৰিনে সমগ্ৰ ভাৰতবৰ্ষত অসমৰ নাম উজলাৱলৈ সক্ষম হৈছিল।