নাহৰকটীয়া, সংবাদ ৩৬৫, ৬ অক্টোবৰ: নাহৰকটীয়াৰ জয়পুৰত শনিবাৰে বনৰীয়া দঁতাল হাতীৰ মৃতদেহ উদ্ধাৰ হয়। খাদ্যৰ সন্ধানত ওলাই আহি এটা বনৰীয়া দঁতাল হাতীৰ মৃত্যুমুখত পৰে। উল্লেখ্য যে শুক্ৰবাৰে নিশা খাদ্যৰ সন্ধানত ওলাই অাহিছিল বাৰ তেৰ বছৰীয়া এটা প্ৰকাণ্ড দঁতাল হাতী। তাৰ পিছতই পুৱা স্থানীয় লোকে জয়পুৰৰ নাহৰজানৰ পথাৰত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃত হাতীটোক। পাছত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয় যদিও কিন্তুু কি কাৰণত হাতীটোৰ মৃত্যু হ’ল তাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা নাই। কিন্তুু হাতীটোৰ মূখমণ্ডলৰ পৰা পোক ওলোৱাত বন বিভাগৰ চিকিৎসকে সন্দেহ প্ৰকাশ কৰে যে হয়তো দীৰ্ঘদিন ধৰি দূৰাৰোগ্য বেমাৰত ভূগি আছিল এই দঁতাল হাতীটো। আনহাতেদি মৃত হাতীটো চাবলৈ স্থানীয় ৰাইজে ক্ষন্তেকতে ভিৰ কৰাৰ লগতে ৰাইজে পূজা অৰ্চনা কৰি শেষ বিদায় দিয়ে মৃত হাতীটোক । বন বিভাগৰ চিকিৎসকে হাতীটোৰ মৰোণোত্তৰ পৰীক্ষা কৰাৰ পিছতেই উক্ত ঠাইতেই হাতীটোক পুতি থোৱাৰ লগতে হাতীটোৰ দাঁতটো সংৰক্ষণ কৰাৰো ব্যৱস্থা গ্ৰহণ কৰিছে বন বিভাগে।