নাহৰকটীয়া, সংবাদ ৩৬৫, ২৪ ছেপ্টেম্বৰ: নাহৰকটীয়াৰ জয়পুৰ লেবাংকুলা গাওঁত সোমবাৰে লেবাংকুলা এল পি স্কুলৰ সন্মুখতে ১১কেভি বিদ্যুৎ লাইনৰ ইনছুলেটৰ ফুটি খুটা এটাত কাৰেণ্ট হৈ পৰে যাৰ ফলত বিদুৎপৃষ্ঠ হৈ দুটাকৈ পহুধন মৃত্যু মুখত পৰাৰ লগতে খুটাতোৰ ওচৰে পাৰ হৈ যোৱা তিনিগৰাকী মহিলা আৰু এজন যুৱকক কাৰেণ্টে টানি ধৰে। কিন্তুু সৌভাগ্যক্ৰমে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় মহিলা কেইগৰাকীৰ লগতে যুৱকজনে। জয়পুৰস্হিত বিদুৎ বিভাগৰ কণ্ট্ৰল ৰুমত থকা অটকাটাৰটো বিকল হৈ থকাৰ বাবেই এই ঘটনা সংঘটিত হয় বুলি জানিবলৈ দিয়ে স্হানীয় লোকে। ৰাজ্যত এটাৰ পিছত এটা দূৰ্ঘটনা সংঘটিত হৈ আহিছে তপন গগৈৰ বিয়াগোম বিদ্যুৎ বিভাগত। উল্লেখযোগ্য যে আজি দুদিনৰ আগতেও নাহৰকটীয়াৰ জয়পুৰ লেবাংকুলা গাওঁত ১১কেভি বিদুৎৰ তাৰত লাগি এজন লোকৰ মৃত্যু হোৱাৰ লগতে দুজন ব্যক্তি আহত হয়। আনহাতে এটা বছৰে বিকল হৈ থকা অটকাটাৰটো মেৰামতি আৰু ক্ষতিপূৰণ আদায় নিদিয়া পৰ্য্যন্ত গাওঁৰ মাজেৰে পাৰ হৈ যোৱা ১১কেভি লাইটো অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি ৰাখিব বুলি দাবী কৰে গাওঁবাসীয়ে। ইফালে এই অঘটনৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে লেবাংকুলা এল পি স্কুলৰ ছাত্ৰী সকলৰ।