নাৰায়নপুৰ, সংবাদ ৩৬৫, ২৭ অক্টোবৰ: শনিবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নাৰায়নপুৰ মাধৱপুৰ নামঘৰত উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় -সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিহপুৰীয়া-নাৰায়নপুৰ জিলা শাখাৰ দ্বিতীয় বাৰ্ষিক শিশু, যুৱ আৰু আইমাতৃ সমাৰোহৰ আৰম্ভ হয়। এই উদ্দেশ্যে জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱ বৃন্দ‌ই অংশগ্ৰহণ কৰি এক উৎসৱ মুখৰ পৰিবেশ সৃষ্টি কৰে । পূৱাই জিলা শাখাৰ সভাপতি প্ৰদীপ ভূঞাই সংঘৰ ধৰ্মধজ্জা উত্তোলন কৰা পাছতে নাম প্ৰসংগ কৰা পাছতে শিশু সকলৰ মাজত সাহিত্য আৰু সংস্কৃতিৰ ওপৰত প্ৰতিযোগিতা অনুষ্ঠিত হয় । উল্লেখযোগ্য যে ইয়াৰ যোগেদি শিশু সকলৰ লগতে যুৱক-যুৱতী সকলৰ মাজত ধৰ্মীয় সংস্কাৰ আহিব পৰাকৈ সহযোগিতা আগবঢ়োৱাৰ বাবে জিলা শাখাৰ মুল সমিতিৰ লগতে শিশু আইমাতৃ কল্যাণ সমিতিয়ে আহ্বান জনায় ।