পলাশবাৰী, সংবাদ ৩৬৫, ৩ জুন : ঝাৰখণ্ডত মাওবাদীৰ আক্ৰমণত শ্বহীদ হোৱা সেনা জোৱান তথা অসম সন্তান নিৰজ ছেত্ৰীৰ নশ্বৰদেহ বিমান যোগে লৈ অনা হয় বৰঝাৰ বিমানবন্দৰত । বিমানবন্দৰত মহানগৰ আৰক্ষী আয়ুক্ত, আৰক্ষীৰ উচ্চপদস্ত বিষয়া আৰু এছ এছ বিৰ জোৱান সকলে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতেই তেজপুৰ আৰু গহপুৰত থকা এছ এছ বি ৰ মুখ্য কাৰ্যালয়ত সামৰিক মৰ্যাদাৰে শ্ৰদ্ধাঞ্জলি জনোৱা হব । তাৰ পিছতহে স্বগৃহলৈ লৈ যোৱা হব শ্বহীদ নিৰজ ছেত্ৰীৰ নশ্বৰদেহ ।
উল্লেখযোগ্য যে যোৱা ২৮ মে’ত অৰ্থাৎ মঙ্গলবাৰে ঝাৰখণ্ডৰ ছেৰাইকেলাত মাওবাদীৰ বিস্ফোৰণ পাছতেই পুনৰ দেওবাৰে ঝাৰখণ্ডৰ ডুমকাত মাওবাদীয়ে এছ এছ বি আৰু আৰক্ষীৰ এটা যুটীয়া অভিযানকাৰী দলক আক্ৰমণ কৰে।
প্ৰাপ্ত খবৰ অনুসৰি এছএছবি আৰু আৰক্ষীৰ যুটীয়া অভিযানকাৰী দলৰ ওপৰত আক্ৰমণ চলায় মাওবাদীয়ে । দেওবাৰে পুৱতি নিশা প্ৰায় ৪ মান বজাত সংঘটিত হৈছিল এই আক্ৰমণ ।