বকো, সংবাদ ৩৬৫, ২১ অক্টোবৰ: ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে অবৈধ বেহা। দৈনিক ইটোৰ পাছত সিটো বৃদ্ধি পাব ধৰিছে অবৈধ বেহা। শনিবাৰে নিশাও বকোৰ জামবাৰী শিঙিমাৰীত পশ্চিম কামৰূপ বন সংমণ্ডল বিষয়াৰ অন্তৰ্গত বামুণীগাঁও বন বিভাগৰ এটা দলে গোপন খৱৰৰ ভিত্তিত অবৈধ কাঠ ভৰ্ত্তি টাটা ডি আই গাড়ী জব্দ কৰে। জব্দ কৰা গাড়ীখনৰ নম্বৰ এ এছ০১ এ চি ৭৭১৪। নিশা বন বিভাগৰ দলটোৱে ডি আই গাড়ীখনক পিছে পিছে খেদি জামবাৰীৰ সমীপৰ শিঙিমাৰিত জব্দ কৰে ৷ গাড়ী খনৰ পৰা মেচিনেৰে ফলা ২ লাখ টকাৰ কাঠৰ লগতে মাকৰী শাল উদ্ধাৰ কৰে ৷ পাছত কাঠ খিনি বামুণীগাঁও বন বিভাগে জব্দ কৰি বন বিভাগৰ কাৰ্যালয়লৈ আনে । বন বিভাগৰ পৰা জানিব পৰা গৈছে যে অবৈধ কাঠ ভৰ্ত্তি টাটা ডি আই খন ছয়গাওঁ সমষ্টিৰ পাৰুগাওঁ ৰপৰা আনি থকা হৈছিল।