গুৱাহাটী, সংবাদ ৩৬৫, ৭ নৱেম্বৰ : আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ বাতৰিকলৈ চাঞ্চল্য অব্যহত থকাৰ মাজতে এই বাতৰি ভুৱা বুলি বিবৃতিযোগে স্পষ্ট কৰিলে আলফা স্বাধীনে। বিবৃতিযোগে আলফা স্বাধীনে জানিবলৈ দিয়ে যে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা নিৰপদে আছে। পৰেশ বৰুৱা কোনো ধৰণৰ দুৰ্ঘটনাত পতিত হোৱা নাই আৰু এনেধৰণৰ ভিত্তিহীন বাতৰিত বিশ্বাস নকৰিবলৈ অসমবাসীক আহ্বান জনাইছে আলফা স্বাধীনে। আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মৃত্যুৰ বাতৰি প্ৰকাশ একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে আলফা (স্বাধীন)ৰ ফলৰ পৰা এক বিবৃতিযোগে জনোৱা হৈছে যে আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ নিৰপদে আছে। উল্লেখ্য যে আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ দুৰ্ঘটনাত মৃত্যু হোৱা বুলি ওলোৱা এক বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। লুক ইষ্ট নামৰ এটা নিউজ পৰ্টেলত আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা কিছুদিন পূৰ্বে চীন-ম্যানমানৰৰ সীমান্তৰ ৰুইলিত হোৱা এটা দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ মৃত্যু হোৱা বুলি বাতৰি প্ৰকাশ পাইছিল। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ দুর্ঘটনা আৰু মৃত্যুৰ কোনো তথ্য আৰক্ষীৰ হাতত নাই বুলি জানিবলৈ দিয়ে।