হাস্না বেগম
গুৱাহাটী
২৮ মার্চ
শনিবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হোৱাৰ পিছতে উত্তপ্ত হৈ থকা নিৰ্বাচনী গতম বতাহ দেওবাৰ ৰঙীন হৈ পৰে। ফাকুৱাৰ ৰঙে ৰঙীন কৰি তোলে নিৰ্বাচনী গৰম বতাহ। চৌদিশে ৰঙা, নীলা, হালধীয়া, গোলপীয়া ৰঙ উৰি ফুৰা পৰিলক্ষিত হয় বতাহত। কভিড আতংকই অৱশ্যে কিছু শ্লান পেলাইছে ফাকুৱাৰ আনন্দ।
অসম বিধানসভা নিৰ্বাচনৰ মাজতে ৰঙৰ উৎসৱ ফাকুৱা উদযাপনক লৈ ৰাজ্যৰ উজনিৰ পৰা নামনিলৈকে সকলো মতলীয়া হৈ পৰা পৰিলক্ষিত হয়। ৰাজ্যৰ সৰ্বত্ৰে ফাকুৱা উৎসৱ উলহ মালহেৰে পালন কৰাৰ লগতে মহানগৰী গুৱাহাটীটো ৰাইজৰ মাজত ফাকুৱাক লৈ দেখা যায় হৰ্ষ-উল্লাস। ৰঙৰ উৎসৱ ফাকুৱা উপলক্ষে মহানগৰীৰ ৰাজপথ সমূহত দেখা যায় এক ৰঙীন আৰু আনন্দময়ী পৰিৱেশ। যুৱক, যুৱতীৰ লগতে শিশুসকল ৰাজপথলৈ ওলাই আহি ইজনে সিজনক ফাকু লগাই ফাকুৰ ৰঙেৰে ৰঙীন হৈ পৰে। মহানগৰীৰ প্রান্তে প্রান্তে ৰাইজ একত্ৰিত হৈ গীতৰ তালে তালে নাচি, বতাহত ফাকুৱা উৰুৱাই হোলীৰ আনন্দত মতলীয়া হৈ পৰা পৰিলক্ষিত হয়। মহানগৰীৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্তটো ফাকুৱাক লৈ উদুলি মুদুলী পৰিৱেশ দেখিবলৈ পোৱা যায়। ৰাজ্যত নিৰ্বাচনী গৰম বতাহ বলি থকাৰ মাজতে ফাকুৱাৰ ৰঙে ৰঙীন কৰি তোলে ৰাজ্যৰ চৌদিশ। শনিবাৰে অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হয়। প্ৰথম পৰ্যায়ত ৰাজ্যৰ ১২ খন জিলাত ৪৭ টাকৈ সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হয়। ইফালে অহা ১ এপ্ৰিল আৰু ৬ এপ্ৰিলত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনকলৈ ৰাজনৈতিক দল সমূহৰ মাজত ব্যাপক তৎপৰতা অব্যাহত থকাৰ মাজতে ৰাজ্যবাসীয়ে উলহ মালহেৰে উদযাপন কৰে ৰঙৰ উৎসৱ ফাকুৱা।
ইফালে কভিড ৰোগীৰ সংখ্যা দেশৰ বিভিন্ন প্ৰান্তত পুনৰ ভয়াবহভাৱে বৃদ্ধি পাবলৈ ধৰাত ৰাজ্যত পূৰ্বৰ তুলনাত এইবাৰ কিছু কম পৰিমাণৰ লোক ৰাজপথলৈ ওলাই আহি ৰঙ খেলত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায়। ইয়াৰ মাজতে যুৱ প্ৰজন্মই হৰ্ষ-উল্লাসেৰে উদযাপন কৰে ৰঙৰ উৎসৱ ফাকুৱা। উল্লেখ্য যে, যোৱা বছৰৰ দৰে এইবাৰো ৰাইজে কভিড নীতি নিৰ্দেশনাৰ মাজতে ফাকুৱা উদযাপন কৰা পৰিলক্ষিত হৈছে।