বাক্সা
২৩ মার্চ
নিৰ্বাচনৰ আগ মূহুৰ্তত উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ। বৰমাত উদ্ধাৰ বৃহৎ পৰিমাণৰ শক্তিশালী অস্ত্ৰ-শস্ত্ৰ৷ গাতত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিলে অস্ত্ৰ-শস্ত্ৰখিনি।
অসম বিধানসভা নিৰ্বাচনৰ আগ মূহুৰ্তত ৬২ নং বৰমা বিধানসভা সমষ্টিৰ বৰখাৰুৱাত সোমবাৰে নিশা বৰমা আৰক্ষীৰ সহযোগত বাক্সা আৰক্ষীয়ে গাতত পুতি থোৱা অৱস্থাত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰৰ মাজত আছে এটা এম চিৰিজৰ ৰাইফল, .৩৮ এটা ৰিভলভাৰ, এটা মেগজিন আৰু ৪৬ জাই সজীৱ গুলী৷ এক গোপন সুত্ৰৰ পম খেদি বাক্সা আৰক্ষীয়ে নিশা বৰমা খাৰুৱা অঞ্চলত অভিযান চলাই অস্ত্ৰ-শস্ত্ৰখিনি উদ্ধাৰ কৰে। আৰক্ষীৰ অভিযানত উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰখিনি কুটাঘাটমুলক কাৰ্যত ব্যৱহাৰ কৰাৰ বাবে ৰখা বুলি সন্দেহ ব্যক্ত কৰে বাক্সা আৰক্ষী উপ-পৰিদৰ্শক প্ৰনৱ জ্যোতি কলিতাই ৷
বি টি এ ডিত আৰু বহু অবৈধ অস্ত্ৰ-শস্ত্ৰ থকাৰ সন্দেহ ব্যক্ত কৰে আৰক্ষী উপ-পৰিদৰ্শক গৰাকীয়ে৷ উল্লেখ্য যে অভিযানত বাক্সা আৰক্ষীক সহযোগ কৰে বৰমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দ্বীপেন পাটৰৰ লগতে বৰমা আৰক্ষী থানাৰ কেইবাগৰাকী আৰক্ষীয়ে।