মেঘালয়, সংবাদ ৩৬৫, ৫ ফেব্ৰুৱাৰীঃ  মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ প্ৰাক মুহূৰ্তত মেঘালয় বিজেপিৰ উপ সভাপতিয়ে পদত্যাগ কৰাত মেঘালয়ত ভাৰতীয় জনতা পাৰ্টিৰ ভিতৰ চোৱাত ধুমুহাৰ সৃষ্টি হৈছে। মেঘালয় বিজেপিৰ উপ সভাপতি গৰাকীক পাৰ্টিয়ে নিৰ্বাচনত টিকট নিদিয়াত উপ সভাপতি গৰাকীৰ লগতে তিনি হাজাৰ বিজেপি কৰ্মীয়ে মেঘালয় বিজেপিৰ পৰা পদত্যাগ কৰে। মেঘালয় বিজেপিৰ মহিলা মৰ্চাৰ উপ সভাপতি মামণি কে মাৰাক মেঘালয়ত হব লগা বিধানসভা নিৰ্বাচনত পশ্চিম গাৰো পাহাৰৰ ডালো সমিষ্টিৰ পৰা টিকট বিচাৰিছিল যদিও পাৰ্টিয়ে মামণিক টিকট নিদিয়াত ক্ষোভিত হৈ মামণিয়ে দেওবাৰে নিশা পাৰ্টি ত্যাগ কৰে। মামণিৰ লগতে প্ৰায় তিনি হাজাৰ বিজেপি কৰ্মীয়েও দেওবাৰে বিজেপি দল ত্যাগ কৰে। দল ত্যাগ কৰি মামণিয়ে মন্ত্যৱ প্ৰকাশ কৰে যে বিজেপি দলটোৰ ওপৰত ৰাইজৰ বহু আশা আছিল, দলৰ নেতাসকলে মহিলাৰ উন্নতিৰ কথা কয় কিন্তু মোৰ ক্ষেত্ৰত দলটোৱে বিপৰীত স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। মামণিয়ে আৰু কয় যে নিৰ্বাচনত প্ৰতিদ্বন্দীতা কৰা মোৰ নিজৰ সিদ্ধান্ত নহয়, মই মোৰ সমৰ্থকসকলৰ সিদ্ধান্ততে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বিচাৰিছিলোঁ। মোৰ সমৰ্থকসকল মোক লৈ আশাবাদী আছিল যে মই নিজৰ সমষ্টিটোৰ উন্নয়ন কৰিব পাৰিম বুলি। পাৰ্টিয়ে মামণিক উত্তৰ তুৰাৰ পৰা টিকট প্ৰদান কৰিছিল যদিও মামণি বহু সময় ধৰি ডালো সমষ্টিৰ জনসাধাৰণৰ উন্নয়ন বাবে কাম কৰি আছিল। এতিয়া মামণিয়ে বিজেপিয়ে টিকট প্ৰদান কৰা কোৰশ মাৰাকৰ বিৰুদ্ধে ডালো সমষ্টিত পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত খেলিব।