দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ১২ এপ্ৰিল : ৰাজ্যত অনুষ্ঠিত হৈ গ’ল প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন । এতিয়া হ’বলৈ বাকী আছে দুটা পৰ্যায়ৰ লোকসভা নিৰ্বাচন আৰু এই নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন ঠাইত উদ্ধাৰ হৈছে লক্ষাধিক টকা ।

শুকুৰবাৰে দক্ষিণ কামৰূপৰ বঙৰাত এক তালাচীত উদ্ধাৰ হ’ল লক্ষাধিক টকা । পলাশবাৰী চক্ৰৰ সংলগ্ন চক্ৰ বিষয়া প্ৰিয়ংকা বনীয়া আৰু পলাশবাৰী আৰক্ষী থানাৰ সহযোগত চলা এই অভিযানত বিভিন্ন গাড়ীত তালাচী চলাই থকাৰ সময়তে এখন এল্ট’ বাহনৰ পৰা উদ্ধাৰ হয় লক্ষাধিক টকা । এ এছ-০১-বি জেদ-৪২৯৮ নম্বৰৰ এল্ট বাহনখনে গুৱাহাটীৰ পৰা বকোলৈ যোৱাৰ সময়ত এল্ট’খনৰ পৰা নগদ ১ লাখ ৭৩ হাজাৰ টকা উদ্ধাৰ কৰা হয়।

সোধপোচৰ বাবে দুজন লোকক আটক কৰি ২৪ ঘন্টাৰ ভিতৰত তথ্য-পাতিৰ বাবে সময়সীমা বান্ধি দিয়ে আৰক্ষীয়ে । আনহাতে ছয়গাওঁতো এখন বাহনৰ পৰা ১ লাখ ২৪ হাজাৰ ৫০০ টকা উদ্ধাৰ কৰে ছয়গাঁও আৰক্ষীয়ে ।