নগাঁও, সংবাদ ৩৬৫, ২ এপ্ৰিল : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এজন মহান অভিনেতা ৷ কেতিয়াবা দুঃশাসনৰ দৰে অট্টহাস্য দিব পাৰে, কেতিয়াবা আকৌ কৰিব পাৰে চিঞৰ-বাখৰ ৷ বুকুত কম্পন নোহোৱাকৈ অনৰ্গল মিছা কথাও কব পাৰে নৰেন্দ্ৰ মোদীয়ে – এই মন্তব্য প্ৰদ্যুৎ বৰদলৈৰ ৷

সোমবাৰে নিশা জাগীৰোডৰ বন্ধ হৈ থকা নগাঁও কাগজ কলত উপস্থিত হৈ এনেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবে নগাওঁ কাগজ কলটো বন্ধ হোৱা বুলি অভিযোগ কৰে বৰদলৈয়ে । তেওঁ কয় যে মই জয়ী হলে কলটো পুনৰ কাৰ্যক্ষম কৰিম ।

আনহাতে, সাংসদ হৈ জয়ী হ’লে দুৰ্ভগীয়া কৰ্মচাৰী সকলৰ হৈ দিল্লীত মাত মাতিম বুলি ২৫ মাহে বেতন বঞ্চিত কৰ্মচাৰী সকলক আশ্বাস প্ৰদান কৰে প্ৰদ্যুৎ বৰদলৈয়ে ৷ লগতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেচনেল এজেণ্ডাত জাগীৰোড আৰু কাছাৰ কাগজ কল পুনৰৰ উজ্জিৱীত কৰনৰ বিষয়টো সন্নিৱিষ্ট কৰা হৈছে বুলিও অৱগত কৰে প্ৰদ্যুৎ বৰদলৈয়ে ৷

আনহাতে উন্নয়নৰ প্ৰতিশ্ৰুতি বাদ দি সাম্প্ৰদায়ীক উচটনি দি বিজেপি দলে নিৰ্বাচনী বৈতৰনী পাৰ হবলৈ উঠি পৰি লাগিছে বুলিও মন্তব্য কৰে নগাওঁ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে ৷ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহৰ বিৰুদ্ধেও তেওঁক সৰব হৈ পৰা দেখা যায় ।

ইয়াৰ পিছতে কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে একাংশ সমৰ্থকক লগত লৈ জাগীৰোডৰ শ্ৰী শ্ৰী ৰাধাগোবিন্দ মন্দিৰ দৰ্শন কৰে আৰু নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ কামনাৰে মন্দিৰত আশীৰ্বাদ লয় লগতে মন্দিৰত অনুষ্ঠিত হৈ থকা অখণ্ড হৰিনাম সংকীৰ্তনত অংশ লৈ ভক্ত সকলৰে সৈতে মত বিনিময় কৰে ।