ডিগবৈ সংবাদতা বিজয় সূত্ৰধাৰ,সংবাদ ৩৬৫, ২ মেঃ আহোম ৰাজত্বৰ ঐতিহ্যমণ্ডিত প্ৰাচীন কৃতিচিহ্ন সমূহ কেন্দ্ৰীয় চৰকাৰে বহিৰাগত প্ৰতিষ্ঠানক গতাবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে বুধবাৰে উত্তাল হৈ পৰে তৈলনগৰী ডিগবৈ৷ ডিগবৈৰ টিংৰাইত বুধবাৰে দিনৰ ভাগত টাই আহোম যুৱ পৰিষদ, অসম অনুসুচিত জাতি যুৱ ছাত্ৰ সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৩৮ নং ৰাষ্ট্ৰীয় ঘাই পথত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্থ কৰে৷ উল্লেখ যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ৰংঘৰ, কাৰেংঘৰকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰাচীন কৃতি সমূহ কেন্দ্ৰীয় চৰকাৰে বহিৰাগত প্ৰতিষ্ঠানক গতাই দিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পৰিবেশ উত্তাল কৰি তোলে বিভিন্ন দল সংগঠনে। প্ৰতিবাদকাৰী সকলে কেন্দ্ৰীয় চৰকাৰ মূৰ্দাবাদ, নৰেন্দ্ৰ মোদী মূর্দাবাদ শ্লগানৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে৷ অসম অনুসুচিত যুৱ ছাত্ৰ সন্থাৰ টিংৰাই আঞ্চলিকৰ সভাপতি পূৰ্ণকান্ত তামূলীয়ে কয় যে, অসমৰ ঐতিৰ্য্য বহনকাৰী প্ৰাচীন কৃতিচিহ্ন সমূহ কেন্দ্ৰীয় চৰকাৰে বহিৰাগত প্ৰতিষ্ঠানক প্ৰদান কৰিবলৈ লোৱা সিদ্ধান্তক কেতিযাও গ্ৰহন কৰা নহয়৷ চৰকাৰে যদি এই সিদ্ধান্ত বাতিল নকৰে তেন্তে অনাগত দিনত জংগী আন্দোলন গঢ়ি তোলা হব বুলি হুংকাৰ প্ৰদান কৰে।