জোনমণি বেগম

বিশ্বনাথ

১৮ জুন

হঠাৎ বিশ্বনাথত উঠিল মাছৰ উজান৷ হাতত জাল, জুলুকি, চেপাঁ লৈ মাছ ধৰিবলৈ ওলাই আহিল স্থানীয় ৰাইজ৷ কিন্তু মাজৰ পৰিৱৰ্তে উঠিল শিলগুটিহে কাৰণ পুখুৰী বা বিলত নহয়, ৰাইজে মাছ ধৰিছিল পথত। বিশ্বনাথৰ মাজ-মজিয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাঁইপথৰ শান্তিপুৰৰ ৫ নং আৰু ১০ নং ৱাৰ্ডৰ সদাব্যস্ত নটসূৰ্য ফণী শৰ্মা পথ৷ পথটোৰ দুৰৱস্থা দেখিলে চকু কপালত উঠে।

পথটোৰ মাজত বৃহৎ বৃহৎ গাঁত৷ মাত্ৰ এজাক বৰষুণতে পথটো হৈ পৰে পুখুৰীসদৃশ। কিন্তু পথটো মেৰামতিৰ ক্ষেত্ৰত কাণসাৰ নাই জনপ্ৰতিনিধি আৰু চৰকাৰৰ৷ বিগত প্ৰায় ৬ বছৰে পথটোৰ দুৰৱস্থাৰ বাবে শান্তিপুৰৰ ৫ নং আৰু ১০ নং ৱাৰ্ডৰ বাসিন্দাসকলে যাতায়তৰ ক্ষেত্ৰত ভুগি আহিছে যমৰ যাতনা৷ ৰাইজে স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰক বাৰম্বাৰ অনুৰোধ জনাইও লাভ নকৰিলে কোনো ধৰণৰ সুফল।

বিগত পাঁচ বছৰে পথটো মেৰামতিৰ নামত মিছা আশ্বাস প্ৰদান কৰা বুলি ৰাইজে স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰৰ ওপৰত ক্ষোভ উজাৰিলে। জৰাজীৰ্ণ পথটোৰ পৰা বিধায়ক প্ৰমোদ বৰঠাকুৰৰ ঘৰ মাত্ৰ ২০০ মিটাৰ হোৱাৰ পিছতো এদিনো বিধায়ক গৰাকী ভুমুকি মাৰিব অহা নাই বুলি ৰাইজে তীব্ৰ সমালোচনা কৰে বিধায়ক গৰাকীক।

ইফালে, বোকাময় আৰু নৰ্দমা দৰে এই জৰাজীৰ্ণ পথটোৰে বিশ্বনাথ বাণিজ্য মহাবিদ্যালয়লৈ প্ৰায় ৪০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে অহা-যোৱা কৰে৷ এই পথেৰে কেইফাৰ্লং মান গ’লেই অসমৰ গৌৰৱ জনপ্ৰিয় কন্ঠশিল্পী নাহিদ আফ্ৰিনৰ ঘৰ। এতিয়া স্থানীয় ৰাইজৰ চৰকাৰ কিম্বা স্থানীয় বিধায়ক গৰাকীলৈ এটাই দাবী, অতি শীঘ্ৰে পথটো মেৰামতি কৰি ৰাইজক সকাহ দিব লাগে।