আব্দুল হক

নগৰবেৰা

১০ জুন

নগৰবেৰাৰ ৰংগেশ্বৰী পাঁম গাঁৱত ৰাইজৰ অভিনৱ প্ৰতিবাদ। পথৰ ওপৰত একাংশ পুৰুষ-মহিলাই ভূই ৰুই আৰু মাছ মাৰি প্ৰতিবাদ সাব্যস্ত কৰিলে। জৰাজীৰ্ণ পথটিত ভূঁই ৰোৱাৰ বাবে উপযুক্ত নে মাছ মৰাৰ বাবে উপযুক্ত ধৰিব নোৱাৰি ৰাইজে দুয়োটা কামেই কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে।

কামৰূপ জিলাৰ নগৰবেৰাৰ জলজলী নদীৰ ঘাটৰ পৰা টুপামাৰীলৈ যোৱা একমাত্ৰ পথৰ ওপৰত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিলে। পথৰ ওপৰতে ভূঁই ৰুই আৰু মাছ মাৰি প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজ। আচলতে এই পথটিৰ পথাৰ নে পুখুৰী ধৰিবই নোৱাৰি। গতিকে ৰাইজে পথটিত পথাৰ হিচাপে ভূঁই ৰুলে আৰু পুখুৰী হিচাপে মাছ মাৰিলে। পথটোৰে নিতৌ চলাচল কৰে শ শ পথচাৰী, বাইক আৰোহী, বিভিন্ন যান বাহন।

ৰাইজৰ সুবিধাৰ্থে পথছোৱাৰ নিৰ্মাণৰ বাবে ২০২০-২১ বৰ্ষত এম জি এনৰেগাৰ অধীনত ছমৰীয়া উন্নয়ণ খণ্ডৰ অন্তৰ্গত ভখুৰাদিয়া ৰংগেশ্বৰী গাঁও পঞ্চায়তৰ জৰিয়তে ৬,৭৩,৩,৬১ টকা আৱন্টন দিয়া হয় যদিও পঞ্চায়তটোৰ সভানেত্ৰী গৰাকীয়ে ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰি পথটিৰ নিৰ্মাণ কাৰ্য আধাতে শেষ কৰাত গাঁওখনৰ সৰ্বসাধাৰণ ৰাইজে বোকাময় পথটিৰে নৰক যন্ত্ৰণা ভোগ কৰি চলাচল কৰিবলগীয়া হৈছে। ইয়াৰ পৰিপেক্ষিতত গাঁওখনৰ একাংশ পুৰুষ-মহিলা ওলাই আহি এই দৰে পথটিৰ ওপৰত ভূই ৰুই আৰু মাছ মাৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে পঞ্চায়ত সভানেত্ৰীৰ গৰাকীৰ মইমতালি নচলিব, এম জি এনৰেগাৰ নামত দূৰ্নীতি নচলিব, আমাক ৰাস্তা লাগিবই, ৰাস্তাৰ নামত দূৰ্নীতি বন্ধ কৰক আদি শ্ল’গানেৰে পঞ্চায়ত সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকলে পঞ্চায়ত সভানেত্ৰীয়ে পথটিৰ নিৰ্মাণৰ নামত সংঘটিত কৰা দূৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে উপযুক্ত তদন্ত বিচৰাৰ লগতে পথটো মেৰামতি কৰি গাঁওখনৰ ৰাইজৰ যাতায়ত ক্ষেত্ৰত সুচল কৰি দিয়াৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ লগতে অসম চৰকাৰক দাবী জনায়।