দৰং, সংবাদ ৩৬৫, ১৮ অক্টোবৰ: দৰং জিলাৰ ৬৮ নং দলগাওঁ সমষ্টিৰ বিধায়ক ইলিয়াচ আলিৰ নামত ৩৪.৯০১ কোটি টকীয়া এক বৃহৎ কেলেংকাৰীত সাঙোৰ খাই পৰাৰ অভিযোগ শ্যামপুৰ আঞ্চলিক আমছুৰ সাধাৰণ সম্পাদক ছোলেমান ফাৰাছী, সভাপতি বাবুল হুছেইন আৰু লগতে স্থানীয় ৰাইজৰ। জিলাখনৰ দলগাওঁ সমষ্টিৰ বিধায়ক ইলিয়াচ আলিয়ে ভাৰত নিৰ্মান প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ৬.৫০ কি.মি দৈৰ্ঘ্যৰ এটা পথ নিৰ্মাণত ঠিকাদাৰ আৰু গড়কাপ্টানি বিভাগৰ জৰিয়তে ব্যাপক অনিয়ম সংঘটিত কৰি অৰ্দ্ধাংশ ৰাজকোষৰ ধন আত্মসাৎ কৰিছে বুলি বিধায়ক গৰাকীৰ বিৰুদ্ধে অভিযোগৰ আঙুলি টুৱাইছে সমষ্টিটোৰ একাংশ সচেতন ৰাইজে। অভিযোগ অনুসৰি ২০১৬-১৭ বিত্তীয় বৰ্ষত ৬ লাখ টকাৰ এম জি এনৰেগা আঁচনিৰ অধীনত বিধায়ক গৰাকীৰ তৎপৰতাতে নিৰ্মান কৰা হৈছিল ১ নং শ্যামপুৰৰ পৰা শ্যামপুৰ বজাৰ সংযোগী গুৰুত্ত্বপূৰ্ণ পথটি। কিন্তু মাত্ৰ এবছৰ পিছতে বিধায়ক গৰাকীয়ে কাছমাৰী চাপৰিৰ পৰা ৰৌমাৰী চাপৰি লৈ সংযোগী পথটি কাছমাৰী চাপৰিৰ পৰা ৰৌমাৰীলৈ হবলগীয়া ৰাস্তাটো ১নং শ্যামপুৰৰ পৰা শ্যামপুৰ বজাৰলৈ ৩ কি.মি ৰাস্তা নিৰ্মান কৰি আছে। প্ৰাপ্ত তথ্য মতে ১নং শ্যামপুৰৰ পৰা শ্যামপুৰ বজাৰলৈ হৈ থকা সংযোগী পথটিৰ নামত কোনোধৰণৰ ধন আৱন্টন হোৱা নাই। কিন্তু গড়কাপ্টানি বিভাগৰ মঙ্গলদৈ সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তা আৰু কনিষ্ঠ অভিযন্তাই বিধায়কৰ পৰামৰ্শত গোপনে পথ সলনি কৰি নাম-গোন্ধ নোহোৱা আন এটা পথত আচঁনিটো ৰূপায়ণ কৰি প্ৰধান মন্ত্ৰীৰ পথ উন্নয়নৰ আচঁনিটোকে বুমুৰাং কৰি পেলাই। সম্পূর্ণ জালিয়াতিৰে ৰাইজক অন্ধকাৰত ৰাখি চলিত বর্ষৰে ২ ফেব্ৰুৱাৰীত ঠিকাদাৰ মিচাৰ্চ ৰাজকুমাৰ জৈনে নিৰ্দিষ্ট পথটিৰ পৰিবৰ্তে বিধায়কৰ পছন্দৰ পথটি নিৰ্মান কৰা ৰৌমাৰী অঞ্চলবাসী ৰাইজ ‍‍ক্ষুব্ধ হৈ পৰে। লগে লগে ৰাইজে শ্যামপুৰ আঞ্চলিক আমছুৰ সাধাৰণ সম্পাদক ছোলেমান ফাৰাছী আৰু সভাপতি বাবুল হুছেইনক অৱগত কৰাই। শ্যামপুৰ আঞ্চলিক সমিতিয়ে লগে লগে কাৰ্য্যবাহী অভিযন্তা মহোদয় গড়কাপ্টানি বিভাগ, উপায়ুক্ত মহোদয় মঙ্গলদৈ, দলগাওঁ চক্ৰ বিষয়া মহোদয়ৰ হাতত লিখিত অভিযোগ প্ৰদান কৰে যদিও সকলোৱে বিষয়টি গাপ দিয়াৰহে চেষ্টা চলাই। কেৱল গাপ দিয়াই নহয় সংবাদ মাধ্যমৰ একাংশ সাংবাদিককো মেনেজ কৰা বুলি অভিযোগ উত্থাপন হৈছে। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে এটা পথৰ নামত আবণ্টিত আন এটা পথ নিৰ্মান কৰি প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ গাইড লাইন উলংঘন কৰাৰ পিছতো বিভাগীয় মন্ত্ৰী, আয়ুক্ত, মুখ্য অভিযন্তা, উপায়ুক্তই গ্ৰহণ কৰা নিবিড় ভূমিকাই গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে। আনহাতে বিধায়ক-ঠিকাদাৰ আৰু বিভাগীয় কাৰ্যবাহী অভিযন্তাৰ গোপন বুজাবুজিৰ বাবেই যোৱা ২৬ ফেব্ৰুৱাৰীত পথটি নিৰ্মান কাৰ্য শুভাৰম্ভ কৰাৰ পিছত পথটিত ৯,১৯৩ ট্ৰাক মাটি ক’ত পেলোৱা হ’ল বুলি আমছুৱে প্ৰশ্ন তুলিছে। তদুপৰি পথটি নিৰ্মান কৰাত ৯ টা কালবাৰ্ট এখন দলং নিৰ্মাণ কৰা বুলি বিভাগীয়ভাৱে উল্লেখ কৰা হৈছে যদিও ইও ৰহস্যজনক বুলি উল্লেখ কৰি পথটিত যিধৰণে শিল-বালি দি পানী দি বলিং কৰিব লাগে তেনেদৰনে কৰা হোৱা নাই বুলি অভিযোগ কৰি প্ৰধান মন্ত্ৰীৰ সপোন ধূলিসাৎ কৰা বিভাগীয় কাৰ্যবাহী অভিযন্তা, ঠিকাদাৰ আৰু জনপ্ৰতিনিধিৰ ওপৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক ৰাইজ তথা শ্যামপুৰ আঞ্চলিক আমছুৱে দাবী জনাইছে।