দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ১৬ মে’ : এটা পথ চপৰা চপৰি খহিছে । উক্ত পথটো হৈছে দক্ষিণ কামৰূপৰ লোহাৰঘাটৰ । ৩ কিমি যোৰা এই পথটো এতিয়া চপৰা চপৰি ঘহিছে কিয়ণো ৰাইজৰ অভিযোগ এই পথটোত অতি নিম্নমানৰ কাম হৈছে । বোকদোভাৰ পৰা বাতাবাৰী হৈ ঘাগ্ৰাচুকলৈ নিৰ্মান হোৱা এই পথটোত নিৰ্মান কাৰ্য সমাপ্ত হৈছে যদিও পথটোত অতি নিম্নভাৱে কাম কৰাৰ অভিযোগ ৰাইজৰ । ৰাইজৰ অভিযোগ পথটোত পৰ্যাপ্ত শিল নিদিয়াকৈয়ে তেনেকে কৰিছে কাৰ্পেটিং আনকি কাৰ্পেটিংটো ব্যৱহাৰ কৰা নাই পৰ্যাপ্ত বিতুমিন । যাৰ ফলত চপৰা চপৰে উঠিছে পথটো ।

প্ৰায় ৫ কৌটি ৯০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান হোৱা এই পথটোৰ ঠিকা লাভ কৰিছিল ৰাজু মেছ নামৰ ঠিকাদাৰজনে । আৰু বহু প্ৰতিক্ষাৰ অন্তত ৰাইজে এই পথটো পকীকৰন হোৱাৰ ফলত যঠেষ্ট সুখী আছিল কিন্তু এইপথটো অতি নিম্ন মানৰ হোৱা হেতুকে সৰৱ হৈ উঠিল ৰাইজো । ৰাইজৰ আহ্বান এই পথটো অতি সোনকালে পুনৰনিৰ্মানেৰে সঠিক মানদণ্ডৰ কৰিৱ লাগে ।

এতিয়া প্ৰশ্ন উঠে শুন্য সহনশীলতাৰ কথা কোৱা চৰকাৰখনৰ এইবোৰ দুনীৰ্তি পোহৰলৈ আহিব নে ? নে এনেদৰেই পথ নিৰ্মানৰ নামত হৈ থাকিব দুৰ্নীতি ।