গোৱালপাৰা

২৩ জুলাই

গোৱালপাৰা জিলাৰ ৰাক্ষসিনীত পথৰ মাজত ভূই ৰুই ৰাইজৰ প্ৰতিবাদ। পথ নিৰ্মানৰ নামত ব্যাপক লুন্ঠনৰ অভিযোগ। খেতি পথাৰত পৰিণত হোৱা পথটোৰে অসম্ভৱ হৈ পৰিছে যাতায়ত। বিধায়কৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে প্ৰতিবাদী ৰাইজে।

পৰিবৰ্তন আৰু উন্নয়নৰ শ্লোগানেৰে শাসনলৈ অহা বিজেপি চৰকাৰৰ শাসনকালত কোনো ধৰণৰ পৰিবৰ্তন আৰু উন্নয়ন নহ’ল ৰাজ্য পথ সমূহৰ। বৰ্তমান ৰাজ্যৰ পথ সমূহৰ দুৰৱস্থাকলৈ প্ৰতিদিনে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে ৰাইজ। কেতিয়াবা যদি কৰবাত ৰাইজে পথৰ ওপৰত থকা প্ৰকাণ্ড প্ৰকাণ্ড গাতত মাছ মাৰি প্ৰতিবাদ কৰিছে, কেতিয়াবা আকৌ কৰবাত খেতি পথাৰত পৰিণত হোৱা পথত ৰাইজে ভূই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিছে। কিছুমান ঠাইত পথ নিৰ্মাণ তথা মেৰামতিৰ কাম হৈছে যদিও তাতেও ঠিকাদাৰে চলাইছে লুণ্ঠনৰাজ। গোৱালপাৰা চহৰৰ ৰাক্ষসিনী ধুপতলাত পথ নিৰ্মাণৰ নামত লুন্ঠন কংগ্ৰেছী ঠিকাদাৰ তাহেৰ চৌধুৰীয়ে ব্যাপক লুণ্ঠন কৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে। চৰকাৰী ধনেৰে নিৰ্মাণ কৰা এখন পথেৰে যাতায়তৰ ক্ষেত্ৰত জিয়াতো ভুগিছে ৰাইজে। খেতি পথাৰত পৰিণত হোৱা পথটোত অৱশেষত ভূই ৰুই প্ৰতিবাদ কৰিবলগীয়া হৈছে ৰাইজ।

উল্লেখ্য, ২০১৭-১৮ বৰ্ষত পথটো নিৰ্মাণৰ বাৱে চতুৰ্দশ বিত্তীয় আয়োগে আৱন্টন দিছিল প্ৰায় পাচ লাখ টকা। মাটিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত এই পথটো নিৰ্মানৰ নামত ঠিকাদাৰ তাহেৰ চৌধুৰীয়ে মাত্ৰ এক লাখ টকা খৰচ কৰা বুলি অভিযোগ উত্থাপিত কৰিছে ৰাইজে। কংগ্ৰেছী বিধায়ক এ কে ৰচিদ আলমৰ একাংশ দালালে পথটো নিৰ্মাণৰ নামত ধন আত্মসাৎ কৰা বুলিও ৰাইজে অভিযোগ কৰিছে। পথটো নিৰ্মাণৰ ক্ষেত্ৰত সংঘটিত হোৱা দুৰ্নীতিৰ বিভাগীয় ফালৰ পৰা অচিৰেই ব্যবস্থা গ্ৰহন নকৰিলে ছাত্ৰ মুক্তিয়ে জংঘী আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে।