মিৰ্জা, সংবাদ ৩৬৫, ১০ মে’ : মিৰ্জা সৰপাৰাত অৱস্থিত আই ও চি ৰ বটলিং প্লেণ্টৰ ছিলিণ্ডাৰ ভৰ্তি বাহন সমূহ বহুদিনৰ পৰা ৩৭ নং ৰাষ্ট্রীয় ঘাই পথৰ দুয়ো পাৰে বিপদজনক ভাবে অৱস্থান কৰি আহিছে । যাৰ ফলত বিভিন্ন সময়ত পথ দুৰ্ঘটনাত বিভিন্ন জনৰ প্ৰাণ হানি হৈছে আৰু স্থানীয় ব্যক্তি সকলৰ বহুতো অসুবিধা সৃষ্টি হয় আহিছে ।

এইবোৰ বিভিন্ন অসুবিধাৰ পতি লক্ষ্য ৰাখি পূৰ্বতেও আই ও চি কৰ্তৃপক্ষক বাহন সমূহ ৰাষ্ট্ৰীয় ঘাই পথৰ দুয়ো পাৰে নাৰাখিবলৈ কৈ আহিছিল যদিও কোনো ভুক্ষেপ কৰা নাছিল বটলিং প্লেণ্ট কৰ্তৃপক্ষই। যাৰ ফলত আজি পলাশবাৰী ৰাজহ চক্ৰ বিষয়া সুস্বপ্না কাকতিৰ নেতৃত্বত এটি দলে বাহন সমূহ ঘাই পথৰ পৰা আঁতৰাই আৰু ভৱিষ্যতে ৰাষ্ট্ৰীয় ঘাই পথৰ দুয়োপাৰে এনেদৰে অবৈধ অৱস্থান কৰিলে আইনী ভাবে বিষয়ত ব্যৱস্থা লোৱা হব বুলি সকীয়াই দি দুদিনৰ ভিতৰত বটলিং প্লান্ত কৰ্তৃপক্ষই যেন স্থায়ী পাৰ্কিংৰ ব্যৱস্থা কৰে তাৰ বাবে সকীয়াই দিলে প্লেণ্ট কৰ্তৃপক্ষক ।