পলাশবাৰী, সংবাদ ৩৬৫, ৩১ জুলাইঃ পৰিৱৰ্তনৰ শ্লোগান দি সোণোৱাল চৰকাৰখনে দিছপুৰৰ গাদী দখল কৰিব সক্ষম হয় যদিও ৰাজ্যৰ বাট-পথৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন পৰিলক্ষিত নহ’ল৷ উন্নয়নৰ নামত দুবছৰ উকলি যোৱাৰ পিছতো উন্নয়নৰ মুখ নেদেখিলে সাধাৰণ জনতাই৷ নিৰ্বাচনৰ পূৰ্বে হাজাৰটা প্ৰতিশ্ৰুতি দিয়া চৰকাৰখন ফুটুকাৰ ফেনত পৰিণত হ’ল৷ ‘প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ’ অধীনত নিৰ্মান হোৱা পলাশবাৰী সমষ্টিৰ বঙৰা আমৰতলৰ ৩৭ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চৌধুৰীপাৰা অৰ্থাৎ তালুকদাৰপাৰালৈ ৮৭.১৫ লাখ টকা ব্যয়েৰে ১.৬৮ কিঃমিঃ দৈৰ্ঘ্যৰ পথ পকীকৰণ কৰা হৈছে ।যোৱা ৮ জুলাই ৰবিবাৰে পলাশবাৰী সমষ্টিৰ বিধায়ক প্ৰণৱ কলিতাই উদ্ধোধন কৰিছিল এই পথ আৰু পথ নিৰ্মানৰ ঠিকা লাভ কৰিছিল অনিল দাসে ।কিন্তু যোৱা ৪ দিন আগতে নিৰ্মান হোৱা এইপথচোৱাত কাৰ্পেটিং কৰাৰ আগতে মাটিৰ ওপৰত ব্যৱহৃত হ’বলগীয়া শিল ব্যৱহাৰ নকৰি মাটিৰ ওপৰতে কাৰ্পেটিং কৰিছে যাৰ ফলত কাৰ্পেটিং কৰাৰ ৩দিন পিছতে চপৰা-চপৰে উঠিবলৈ ধৰিছে এই পথচোৱা ।স্থানীয় লোকে অভিযোগ কৰিছে যে দুৰ্নীতিৰ প্ৰতি শূন্য শহনশীলতা দেখুওৱা সৰ্বানন্দ নেতৃত্বধীন বিজেপি চৰকাৰে এই ঠিকাদাৰৰ বিৰুদ্ধে কেতিয়া ব্যৱস্থা গ্ৰহন কৰিব?