খেৰণী
২১ আগষ্ট

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি থানাৰ অন্তৰ্গত হাৱাইপুৰ অঞ্চলৰ গুহাগাঁৱত বৃহস্পতিবাৰে নিশা বনৰীয়া হাতীৰ জাকে সন্ত্ৰাসৰ সৃষ্টি কৰে। বনৰীয়া হাতীৰ জাকটোৱে অঞ্চলটোৰ কেইবাটাও পৰিয়ালৰ ঘৰৰ বাঁহ গছ ভাঙি, ভঁৰাল আৰু পথাৰৰ ধান খাই তহিলং কৰে।

পশ্চিম কাৰ্বি আংলংৰ হাৱাইপুৰ অঞ্চলৰ গুহাগাঁৱৰ লগতে জিলাখনৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি বনৰীয়া হাতীৰ জাক বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাস চলাই আহিছে। কাৰ্বি আংলংবাসী ৰাইজ বনৰীয় হাতীৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ বিচাৰি বন বিভাগক বাৰম্বাৰ অনুৰোধ জনাই অহাৰ পিছতো বন বিভাগে এই সমস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম নোহোৱাত স্থনীয় একাংশ ৰাইজে ক্ষোভ প্ৰকাশ কৰে। বিশেষকৈ গুহাগাঁৱৰ বিভিন্ন অঞ্চলত হাতী-মানুহৰ সংঘাতৰ ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। গুহাগাঁৱৰ ৰাইজে জানিবলৈ দিয়ে যে পূৰ্বেও বহুবাৰ গাঁওখনত বনৰীয়া হাতীৰ জাকে আক্ৰমণ চলাই সন্ত্ৰাসৰ সৃষ্টি কৰিছে আৰু এই সমস্যা সমাধানৰ বাবে ৰাইজে পশ্চিম কাৰ্বি আংলং বনবিভাগক কেইবাবাৰো দাবী জনাই অহাৰ পিছতো বিভাগৰ তৰফৰ পৰা বৰ্তমানলৈকে কোনো ধৰণৰ ব্যবস্থা গ্ৰহণ কৰা হোৱা নাই।

বনাঞ্চল ধ্বংসৰ পৰিনাম হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত কিছুবছৰ ধৰি হাতী-মানুহৰ সংঘাত ব্যাপক হাৰত বৃদ্ধি পাইছে। বিভিন্ন সময়ত হাতীৰ আক্ৰমণত মানুহে প্ৰাণ হেৰুৱাব লগত পৰাত সমান্তৰালে মানুহৰ হাতত নিহত হৈছে বহু বনৰীয়া হাতী। এতিয়া প্ৰশ্ন হয় কেতিয়া নিয়ন্ত্ৰণলৈ আহিব ৰাজ্যত হাতী-মানুহৰ সংঘাত? বন বিভাগে সময় থাকোতেই যদি এই সমস্যাৰ সমাধান নকৰে তেন্তে আগন্তক দিনত হাতী-মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা যথেষ্ট বেছি বুলিও মত প্ৰকাশ কৰে গুহাগাঁৱৰ একাংশ ৰাইজে।