গুৱাহাটী, সংবাদ ৩৬৫, ৮ ফেব্ৰুৱাৰী: ১ মাৰ্চ ২০১৯ তাৰিখৰ পৰা গুৱাহাটী মহানগৰৰ গণেশগুৰি, ৰাজধানী মছজিদ, হাতীগাঁও, বেলতলা আৰু লালমাটি অঞ্চলত পাকঘৰৰ ব্যৱহাৰ্য্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি ঘৰুৱা ব্যৱহাৰ্য্য প্ৰতিটো নিত্য প্ৰয়োজনীয় সামগ্ৰী এটি ফোন কলৰ জৰিয়তে বিনামূলীয়াকৈ দি যোৱাৰ প্ৰতিশ্ৰুতিৰে গুৱাহাটীত ‘টুকুৰী’ নামেৰে আৰম্ভ হ’বলৈ লৈছে এটি বিশেষ সেৱা৷ এই সেৱা অতি কম সময়ৰ ভিতৰতে মহানগৰীৰ আৰু আন আন স্থান সমূহতো লাহে লাহে উপলব্ধ হ’ব। সতেজ শাক-পাচলিৰ পৰা আৰম্ভ চাউল-দালিৰ লগতে ঘৰুৱা ব্যৱহাৰ্য্য প্ৰতিটো সামগ্ৰী ফোন কৰি অৰ্ডাৰ দিয়াৰ লগে লগে এটি নূন্যতম সময়ৰ ভিতৰত ডেলিভাৰী দিয়া হ’ব বুলি ‘টুকুৰী’ কৰ্তৃপক্ষই জনায়৷ গুগল প্লে’ ষ্ট্ৰ’ৰত “টুকুৰী”নামেৰে অতিশীঘ্ৰে এই সেৱাৰ এনড্ৰয়েড এপলিকেচন উপলব্ধ হ’ব আৰু যিকোনো স্থানৰ পৰা প্ৰয়োজনীয় সামগ্ৰী ঘৰত পোৱাকৈ অৰ্ডাৰ কৰিব পাৰিব গ্ৰাহক সকলে।