চিৰাং, সংবাদ ৩৬৫, ১৬ মেঃ চিৰাং জিলাৰ পূৱ ডেৱৰবিল প্ৰাথমিক বিদ্যালয়ত ১৭৮ গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে আছে মাত্ৰ দুজন শিক্ষক। শিক্ষা নীতি অনুসৰি ছাত্ৰ ছাত্ৰী অনুপাতে বিদ্যালয়খনত ৬ জন শিক্ষকৰ প্ৰয়োজন যদিও মাত্ৰ দুজন শিক্ষকে বিদ্যালয়খনত পাঠদান কৰি আহিছে। দুজন শিক্ষকে পাঠদান কৰা বিদ্যালয়খনৰ ১৭৮ গৰাকী ছাত্ৰ ছাত্ৰী যোৱা কিছুদিন ধৰি বিদ্যালয়খনৰ শিক্ষকৰ সংখ্যা শূন্য হৈ পৰাত শিক্ষা গ্ৰহণৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত হৈ আহিছে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক বদিউজ্জামাল এনআৰচিৰ এফএলঅ হিচাপে নিয়োজিত হোৱাৰ বাবে প্ৰধান শিক্ষক গৰাকী নিয়মিত ভাবে এনআৰচিৰ কামত যাব লাগে ৰাতিপুৱা দহ বজাত। পূৰ্বে প্ৰধান শিক্ষক গৰাকী এনআৰচিৰ কামত ব্যস্ত থাকিলেও সহকাৰী শিক্ষক মফিদুৰ ৰহমানে পাঠদান কৰিছিল যদিও যোৱা ২ মে’ৰ পৰা শিক্ষক মফিদুৰ ৰহমানকো এনআৰচিৰ কামত নিয়োজিত কৰাত বিদ্যালয়খন এজনো শিক্ষক নথকাৰ ফলত পাঠদান সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক জনে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি ৰাতিপুৱাৰ পৰা দহ বজালৈ বিদ্যালয়তখনত কিছু সময়ৰ বাবে পাঠদান কৰি এনআৰচিৰ কামত গুচি যায়। প্ৰতিদিনে দহ বজাত প্ৰধান শিক্ষক জনে বিদ্যালয় এৰি এনআৰচিৰ কামত গুচি যোৱাৰ পিচত ছাত্ৰ ছাত্ৰী সকলে খেল ধেমালিত ব্যস্ত হৈ পৰে। বৰ্তমান বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলে তেওঁলোকৰ পাঠদানৰ বাবে শিক্ষক বিচাৰি শিক্ষামন্ত্ৰীৰ ওচৰত আবেদন জনাইছে। শিক্ষামন্ত্ৰীৰ দৃষ্টি গোচৰ হবনে কিদৰে চলিছে ৰাজ্যৰ শিক্ষাখণ্ড? শিক্ষাৰ ক্ষেত্ৰত চিৰাং জিলা সমগ্ৰ ৰাজ্যৰ ভিতৰতে পিছপৰা। শিক্ষাৰ ক্ষেত্ৰত পিছপৰা জিলা এখনৰ ভিতৰুৱা অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ পাঠদান বন্ধ কৰি শিক্ষক সকলক এনআৰচিৰ কামত নিয়োজিত কৰি ছাত্ৰ ছাত্ৰী সকলৰ ভৱিষ্যতৰ লগত ধেমালি কৰা কিমান যুক্তিকৰ?