পাঠশালা , সংবাদ ৩৬৫, ১৩ এপ্ৰিল : এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শনিবাৰে পাঠশালাৰ আৱাহন থিয়েটাৰৰ বাকৰিত ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰয়াত শিল্পী তথা ভ্ৰাম্যমাণৰ বেউলা খ্যাত অনুপমা ৰয়ৰ এটা বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰা হয় । উল্লেখ্য যে অনুপমা ৰয় আৱাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয়ৰ পত্নী লগতে দীৰ্ঘদিন ধৰি আৱাহন থিয়েটাৰৰ গুৰি ধৰোতা স্বৰূপ আছিল । উক্ত মূৰ্তিটো উন্মোচন কৰে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে।

উক্ত মূৰ্ত্তি নিৰ্মাণৰ সম্পৰ্কত বৰপেটা জিলাৰ প্ৰাক্তন উপায়ুক্ত তথা বিশিষ্ট লিখক থানেশ্বৰ মালাকাৰে কয় যে ছাহজাহানে যি দৰে মমতাজৰ বাবে তাজমহল সাজিছিল ঠিক তেনেদৰে পত্নীৰ স্মৃতিত কৃষ্ণ ৰয়ে এই বিশাল প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে।

উক্ত অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টাৰ উপৰি বৰপেটা জিলাৰ প্ৰাক্তন উপায়ুক্ত থানেশ্বৰ মালাকাৰ, অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক অচ্যুত পাটোৱাৰী,, প্ৰয়াত ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ পত্নী প্ৰীতি শইকীয়া, বিশিষ্ট নাট্যকাৰ অভিজিত ভট্টাচাৰ্য্য আদিকে ধৰি ভালে সংখ্যক লোক উপস্থিত থাকে l সকলোৱে শনিবাৰৰ দিনটোত একালৰ অভিনেত্ৰীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে l

পাঠশালাৰ যুৱ প্ৰতিভাশালী শিল্পী মনজিৎৰ দ্বাৰা এই বিশাল প্ৰতিমূৰ্তি নিৰ্মাণ সম্ভৱ হোৱাত কৃষ্ণ ৰয় অত্যন্ত সুখী l

উল্লেখযোগ্য যে ২০১৭ বৰ্ষৰ ১০ ডিচেম্বৰত শিল্পী অনুপমা ৰয়ৰ মৃত্যু হৈছিল l