পাঠশালা, সংবাদ ৩৬৫, ২৯ জুলাই: এসময়ত নিজৰ সুমধুৰ কন্ঠেৰে ভ্ৰাম্যমান থিয়েটাৰৰ জগতত দৰ্শকৰ মন জয় কৰা পাঠশালাৰ অনিল পাঠক জটিল ৰোগত আক্ৰান্ত হৈ জি এম চিত চিকিৎসাধীন হৈ আছে। আৰ্থিকভাৱে অত্যন্ত জুৰুলাৰ বাবে উন্নত চিকিৎসাৰ অভাৱত শিল্পী গৰাকী দীৰ্ঘদীন ধৰি জি এম চিৰ বিছনাত চিকিৎসাধীন হৈ আছে। শিল্পী গৰাকীৰ এনে দুৰ্দশাৰ ক্ষনত পাঠশালাৰ বিভিন্ন দল সংগঠনৰ সহমতত শনিবাৰে পাঠশালাৰ ভগৱতী ক্ষেত্ৰত অনিল পাঠক সাহায্য মঞ্চত আয়োজন কৰা হয় এক সংগীত অনুষ্ঠান। য’ত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী দশৰথ দাস, তৰালী শৰ্মা,জুবলি ৰুপম ভূঞা, জিতেন শৰ্মা, মীৰা দত্ত চৌধুৰী আদিয়ে গীত পৰিবেশন কৰি শিল্পীজনৰ বাবে সহায়ৰ হাত আগবঢ়োৱৰ উপৰি বিচাৰে অসম বাসীৰ সঁ‌হাৰি। বিশিষ্ট প্ৰযোজক কৃষ্ণ ৰয় উপৰি কণ্ঠশিল্পী ৰূপম ভূঞাৰো অনিল পাঠকৰ বাবে একেই সহায়ৰ আহ্বান। কৃষ্ণ ৰয় , ৰুপম ভূঞা। এই শিল্পীসকলৰ আবেগসনা সংগীতানুষ্ঠানৰ মাজতে বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে তৎ কালীন ভাবে মঞ্চত অনিল পাঠকক সহায়ৰ প্ৰতিশ্ৰুতি দিয়ে। তাৰোপৰি মঞ্চত অনিল পাঠকৰ কন্যাইও গীত পৰিৱেশন কৰিছিল ইপিনে ৰুগীয়া অবস্থাত বয়োজেষ্ট বৰেন্য শিল্পী দশৰত দাসে ও কালি গীত গাই গৈছিল মাথো অনিল পাঠকৰ বাবে। দীৰ্ঘদীন ধৰি জি এম চিৰ বিছনাত চিকিৎসাধীন হৈ থকা অসহায় শিল্পী গৰাকীয়ে শিল্পী সকলৰ এনে সানিধ্যত আবেগিক হৈ পৰে। পাঠশালা বাসীৰ আশা সোনকালে সুষ্ঠ হৈ উভতি আহক অনিল পাঠক।