নাহৰকটীয়া, সংবাদ ৩৬৫, ১ আগষ্টঃ দীৰ্ঘদিন ধৰি নাহৰকটীয়াৰ লেঙেৰীজান চাহ বাগিছাত গৰু ছাগলী ভক্ষণ কৰি সন্ত্ৰাস সৃষ্টি কৰি অহা বনৰজা নাহৰফুটুকীক বুধবাৰে পুৱা আবদ্ধ কৰে বন বিভাগে স্থাপন কৰা এটা পিঞ্জৰাত৷ তাৰ পিছত পিঞ্জৰাবদ্ধ বনৰজাৰ ওপৰত হিংস্ৰ জনতাৰ চলিল চৰম অত্যাচাৰ৷ কোনোবাই যদি নেজ টানিছে,কোনোবাই আকৌ বাঘৰ নোম ছিঙিছে৷ পিছত  ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হোৱাত ঘটিল অঘটন।পিঞ্জৰাবদ্ধ নাহৰফুটুকী বন বিভাগে নিবলৈ লওতেই পিঞ্জৰা ভাঙি পলায়ন কৰে বাঘটোৱে৷ বনৰজাৰ পলায়নৰ পিছতেই সৃষ্টি হয় তীব্ৰ আতংকৰ৷ পলাই পত্ৰং দিয়ে বাঘ চাবলৈ অহা শ শ লোক৷ ইফালে বনৰজা পিঞ্জৰাৰ পৰা পলায়ন কৰাৰ পিছতেই বন বিভাগৰ লোক সকলৰ লগত তৰ্ক বিতৰ্ক হোৱাৰ লগতে বন বিভাগে পতা পিঞ্জৰাতো উত্তেজিত জনতাই লণ্ড ভণ্ড কৰে৷ আনহাতে সৌভাগ্যক্ৰমে বাঘৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে শ শ লোক৷