নিউজ ডেস্ক 

২৭ মে’

পিয়াজিঅ ইণ্ডিয়াই এপ্ৰিলিয়া এছএক্সআৰ ১২৫ মুকলি কৰাৰ কথা ঘোষণা কৰে। এপ্ৰিলিয়া এছএক্সআৰ ১৬০ৰ আটাইতকৈ আকৰ্ষণীয় মুকলিৰ পিছত, প্ৰতিটো মুহূৰ্তত জীৱনক সম্পূৰ্ণৰূপে উপভোগ কৰা মুক্ত উৎসাহী ৰাইডাৰৰ এক নতুন আকৰ্ষণীয় শ্ৰেণী সৃষ্টি কৰাৰ পিছত, পিয়াজিঅ ইণ্ডিয়াই আৰু অনুভৱ কৰিছে যে এই বিশিষ্ট উপভোক্তাই বাছনি কৰিবলৈ অধিক বিকল্প বিচাৰে। এপ্ৰিলিয়া এছএক্সআৰ ১২৫ হৈছে ১২৫ চিচিৰ আন এক আকৰ্ষণীয় ইঞ্জিনৰ সৈতে অতি আৰামদায়ক, ষ্টাইল আৰু প্ৰদৰ্শন প্ৰদান কৰাৰ নতুন আকাংক্ষিত বিকল্প। গ্ৰাহকসকলে এতিয়া নতুন এপ্ৰিলিয়া এছএক্সআৰ ১২৫ৰ জৰিয়তে এপ্ৰিলিয়া ডিএনএ ৰ অভিজ্ঞতা লাভ কৰিব পাৰিব। সকলো নতুন এপ্ৰিলিয়া এছএক্সআৰ ১২৫১১৪৯৯৪ টকাৰ আকৰ্ষণীয় মূল্যত এক্সশ্ব’ৰুম পুনেত উপলব্ধ হ’ব আৰু ভাৰতৰ সকলো ডিলাৰশ্বিপ আৰু ই-কমাৰ্চ ৱেবছাইট https://apriliaindia.com/ ৰ জৰিয়তে প্ৰাৰম্ভিক পৰিমাণ ৫০০০/- টকাৰ দ্বাৰা বুক কৰিব পাৰিব।

এপ্ৰিলিয়াৰ শেহতীয়া আন্তঃৰাষ্ট্ৰীয় ডিজাইনৰে এপ্ৰিলিয়া এছএক্সআৰ ১২৫ তৈয়াৰ কৰা হৈছে আৰু ইয়াত এটা একক চিলিণ্ডাৰ, ৪ ষ্ট্ৰোক, এয়াৰ-কুলেড, ৩ ভাল্ভ ফুৱেল ইঞ্জেকচন ক্লিন এমিছন ইঞ্জিন প্ৰযুক্তি সম্বলিত কৰা হৈছে, যি ৭৬০০ আৰপিএমত ৯.৫২ পিএছৰ সৰ্বোচ্চ শক্তি প্ৰদান কৰে। সৰ্বশ্ৰেষ্ঠ ৰাইডিং অভিজ্ঞতা আৰু সৰ্বোচ্চ স্তৰৰ আৰাম প্ৰদান কৰিবলৈ, এপ্ৰিলিয়া এছএক্সআৰ ১২৫এ কলা চামৰাৰ ছাৱেডত ধূসৰ আৰু ৰঙা সূতাৰে বিশেষ বিস্তৃত্ব চিলাই আৰ্হিৰ তৈয়াৰ কৰা ডাঙৰ, দীঘল, আৰামদায়ক আৰু এৰ্গোনোমিক আসন আগবঢ়াইছে। স্পষ্ট গঠন শাৰী, জ্যামিতিক ৰূপৰেখা আৰু উচ্চ কাৰু-কাৰ্য খচিত এছএক্সআৰ ১৬০ এ উচ্চ, শক্তিশালী আৰু আকৰ্ষণীয় ৰূপ প্ৰতিফলিত কৰে।

অনুষ্ঠানটোত মন্তব্য কৰি পিয়াজিঅ ইণ্ডিয়াৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক শ্ৰীডিয়েগো গ্ৰাফিয়ে কয়, “এপ্ৰিলিয়া এছএক্সআৰ ১৬০ চিচিৰ পৰা আৰম্ভ কৰি এতিয়া ১২৫ চিচিৰ সৈতে পৰিসৰ টো সম্পূৰ্ণ কৰাৰ দিশে আগবাঢ়ি যোৱাৰ বাবে মই আজি অত্যন্ত আনন্দিত আৰু উৎসাহিত হৈছো। এপ্ৰিলিয়া এছএক্সআৰ ১২৫ অন্যতম আকৰ্ষণীয় ১২৫ চিচি ইঞ্জিন শ্ৰেণীত এক আকৰ্ষণীয় অভিজ্ঞতা, আমাৰ ইঞ্জিনবোৰে ৩ টা ভাল্ভ আৰু স্বচ্ছ নিৰ্গমন ইন্ধন ইঞ্জেকচন প্ৰযুক্তিৰ সৈতে সৰ্বশ্ৰেষ্ঠ সেৱা প্ৰদান কৰে যিয়ে ৰাইডিং অভিজ্ঞতা আৰু ইন্ধন ব্যৱহাৰৰ আকৰ্ষণীয় সংমিশ্ৰণ। এই মুকলিৰ জৰিয়তে আমি এপ্ৰিলিয়াৰ বহুতো অনুগামী ক নতুন এপ্ৰিলিয়া অভিজ্ঞতা প্ৰদান কৰিবলৈ সক্ষম হ’ম যিসকলে জীৱনক মেক্সিফাই কৰিবলৈ চেষ্টা কৰে!”

ইয়াৰ অনন্য, অতুলনীয় গঠনে ৩ তৰপীয়া এইচডি বডী পেইণ্ট ফিনিছক পূৰ্ণতা প্ৰদান কৰে, য’ত যুটীয়াভাৱে ডাৰ্কক্ৰ’ম উপাদানৰ লগত মেট ব্লেক ডিজাইন সংযোজিত এপ্ৰিলিয়াৰ স্বাক্ষৰিত গ্ৰাফিক্স আছে। এলইডি প্ৰযুক্তিৰ চাৰিওফালে মেৰিয়াই যুটীয়া স্ফটিক হেডলাইট আৰু চকুৰ সমান অৱস্থানৰ লাইটবোৰ সন্মুখৰ ইণ্ডিকেট ৰ ব্লিঙ্কাৰৰ সৈতে একত্ৰিত হৈ ইয়াৰ অনন্য লাইটৰ খেলা সৃষ্টি কৰে। এল.ই.ডি. টেইল লাইটৰ চাৰিওফালে হীৰাৰ প্ৰতিফলনৰ লগত পিছফালৰ সংযুক্ত ব্লিঙ্কাৰ এ বহু আকাংক্ষিত নতুন যুগৰ লগত মিলাই আকৰ্ষণ লাভ কৰিবলৈ সক্ষম হৈছে। এছ.এক্স.আৰ. ১২৫ত কম্বি ব্ৰেকিং চিষ্টেম (চি.বি.এছ.) আৰু লগতে ভেণ্টিলেটেড ডিস্ক ব্ৰেক আৰু টুইন পটচ কেলিপাৰ আছে। এপ্ৰিলিয়া এছএক্সআৰ ১২৫ অতি আকৰ্ষণীয় চিক্‌মিকিয়া ৰঙা, উজ্জ্বলবিহীন নীলা,  চিক্‌মিকিয়া বগা আৰু উজ্জ্বলবিহীন কলা ৰঙত উপলব্ধ হ’ব।

বহু সক্ৰিয় বৃহৎ ২১০ চেমি বৰ্গ ডিজিটেল ক্লাষ্টাৰ ডিচপ্লেৰে সজ্জিত, এছএক্সআৰ ১২৫ত ডিজিটেল গতি সূচক, আৰপিএম মিটাৰ, মাইলেজ সূচক, গড় গতি আৰু শীৰ্ষ গতি প্ৰদৰ্শক, ডিজিটেল ইন্ধন সূচক আদিৰ দৰে বহুতো সুবিধা আছে। গ্ৰাহক সকলে লগতে ব্লুটুথ ম’বাইল সংযোগ সামগ্ৰী ও বাছনি কৰিব পাৰে যিয়ে ব্যৱহাৰকাৰীৰ ম’বাইলক স্কুটাৰৰ সৈতে সংযোগ কৰে আৰু সংযোগ সুবিধাৰ বিভিন্ন বৈশিষ্ট্য অন্বেষণ কৰিবলৈ সুবিধা প্ৰদান কৰে। এছ.এক্স.আৰ ১২ভি, ৫.০ এ.এইচ. এম.এফ. বেটাৰী আৰু ৭ এল ইন্ধন ক্ষমতা সম্পন্ন।