আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা
শিৱসাগৰ
৫ অক্টোবৰ

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ কেলেংকাৰীক লৈ ক্ৰমাৎ উত্তাল হ’ব ধৰিছে ৰাজ্য৷ পুঠি-খলিহনাক গ্ৰেপ্তাৰ কৰি ৰৌ-বৰালীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগক লৈয়ে উত্তাল হৈ পৰিল শিৱসাগৰ৷

শিৱসাগৰত জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু শিৱসাগৰ জিলাৰ অন্তৰ্গত সমূহ ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু এই নিযুক্তি প্ৰক্ৰিয়াত সংঘটিত হোৱা বিয়াগোম কেলেংকাৰীৰ প্রতিবাদত উত্তাল হৈ পৰে শিৱসাগৰ৷ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত চি বি আইক অৰ্পণ কৰাৰ দাবীত শিৱসাগৰ জিলা কংগ্ৰেছ কমিটিৰ কার্যলয়ৰ পৰা শিৱসাগৰ আৰক্ষী অধীক্ষক কাৰ্যালয়লৈ এক বৃহৎ প্ৰতিবাদী সমদল উলিয়াই কংগ্ৰেছ দলে। প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা তথা শিৱসাগৰ জিলাৰ তত্বাৱধায়ক বালিকা পেগু, সাধাৰণ সম্পাদক কল্যান গগৈ, সম্পাদক প্ৰশান্ত গগৈ, শিৱসাগৰ জিলা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি লক্ষী সন্দিকৈ, সাধাৰণ সম্পাদক প্ৰমীৰ গগৈৰ নেতৃত্বত তিনি শতাধিক কংগ্ৰেছ কর্মী সকলে জিলা কংগ্ৰেছ কার্যলায় ৰাজীৱ ভৱনৰ পৰা জিলা আৰক্ষী অধীক্ষক কার্যলায়লৈকে বিজেপি মূর্দাবাদ, সর্বা তোমাৰ কাম নাই, এছ আই নিযুক্তি কেলেংকাৰীৰ তদন্ত চি বি আইক অৰ্পণ কৰক আদি শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি ,তোলে।

ইফালে আৰক্ষী প্ৰশাসনে জিলা আৰক্ষী অধীক্ষক কার্যলায়ৰ তিনি শ মিটাৰ নিলগত স্থাপন কৰা বেৰীকেডিং উফৰাই প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীয়ে প্রৱেশৰ চেষ্টা চলাওঁতে আৰক্ষীৰ সৈতে কংগ্ৰেছ কৰ্মীৰ হতাহতি হোৱা দেখিবলৈ পোৱা যায়। কংগ্ৰেছ কৰ্মীয়ে বিজেপি মুর্দাবাদ ধ্বনিত আৰক্ষী প্ৰশাসনৰ বাধাক তীব্ৰ প্রত্যুতৰ দিয়াও দেখিবলৈ পোৱা যায় প্ৰতিবাদস্থলীত। প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীয়ে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ তদন্তত গেৰুৱা দলে পুঠি-খলিহনাক গ্ৰেপ্তাৰ কৰি ৰৌ-বৰালি এৰি দিয়াৰ অভিযোগ উত্থাপন কৰি সৰ্বান্দন সোণোৱাল নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰখনক তীব্ৰ সমালোচনা কৰে। আৰক্ষী নিযুক্তি প্ৰক্ৰিয়াৰ তদন্ত চি বি আইৰ হাতত অৰ্পণ নকৰা পৰ্যন্ত কংগ্ৰেছ দলৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব বুলিও মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে।

ইফালে সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত “কা”, পাৰিৱেশিক প্ৰভাৱ মূল্যাংকন অধিসূচনা-২০২০ বাতিল আৰু অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত বিশেষজ্ঞ সমিতিয়ে দাখিল কৰা প্ৰতিবেদন শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবীত শিৱসাগৰত আছুৱে এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে৷ শিৱসাগৰ নগৰৰ মাজমজিয়াৰ শিৱদলৰ পদূলীত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই “ মানৱ শৃংখল” কাৰ্যসূচী ৰূপায়ণ কৰে৷