জোনমণি বেগম

বিশ্বনাথ

১০ জুন

পুনৰ আক্ৰমণৰ বলি হ’ল এগৰাকী চিকিৎসক। এইবাৰ বিশ্বনাথত চিকিৎসকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। বিশ্বনাথৰ মাজুলীগড় চাহ বাগিচাত বুধবাৰে বিয়লি সংঘটিত হৈছে এগৰাকী চিকিৎসকৰ ওপৰত আক্ৰমণৰ ঘটনা। চিকিৎসকে দোকান বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ সন্দেহত চিকিৎসকক আক্ৰমণ একাংশ লোকৰ।

সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ক’ভিডৰ দ্বিতীয়টো ঢৌৱে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। এপ্ৰিল মাহৰ আৰম্ভণিৰ পৰাই দেশত ক’ভিডৰ দ্বিতীয়টো ঢৌৱে সংহাৰী ৰূপ ধাৰণ কৰিছে। ক’ভিডসৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ৰাজ্যজুৰি সান্ধ্য আইন বলবৎ কৰাৰ লগতে কেইবাটাও নীতি-নিৰ্দেশনা বান্ধি দিছে।

চৰকাৰে দিনৰ ১২ বজাৰ পৰা ৰাজ্যৰ সকলো দোকান-বজাৰ বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে। ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে জাৰি কৰা এই নীতি-নিৰ্দেশনা বিভিন্ন সময়ত বহু লোকে ভংগ কৰা দেখিবলৈ পোৱা যায়। বিশেষকৈ কিছুমান গ্ৰাম্য অঞ্চল আৰু চাহ বাগিচা অঞ্চলত একাংশ লোকে চৰকাৰৰ নীতি-নিৰ্দেশনা অমান্য কৰি দিনৰ ১২ বজাৰ পিছতো দোকান খোলা ৰাখে।

বিশ্বনাথৰ মাজুলিগড় চাহ বাগিচাত দিনত ১২ বজাৰ পিছত দোকান-পোহাৰ বন্ধ কৰিব লাগে যদিও একাংশ ক্ষুদ্ৰ ব্যৱসায়ীয়ে ১২ বজাৰ পিছতো দোকান-পোহৰ খোলা ৰাখে। মাজুলিগড় চাহ বাগিচাত গণ সংক্ৰমণৰ আশংকা বৃদ্ধি পোৱাৰ বাবে বিশ্বনাথ জিলা প্ৰশাসনে বাগিচাখনৰ কতৃপক্ষক চৰকাৰৰ নীতি-নিৰ্দেশনা মানি চলিবলৈ নির্দেশ দিয়াত বাগিচাখনৰ কৰ্তৃপক্ষই দিনৰ ১২ বজাৰ পিছত দোকান-পোহৰ বন্ধ কৰাৰ চেষ্টা চলায়।

বাগিচাখনৰ একাংশ লোকে চিকিৎসকৰ নিৰ্দেশত ক’ভিডৰ বাবে দোকানসমূহ বন্ধ কৰিবলৈ দিয়া হৈছে বুলি সন্দেহ প্ৰকাশ কৰি চিকিৎসকৰ ওপৰত ক্ষোভিত হৈ পৰে। বুধবাৰে বিয়লি বাগিচাখনৰ কাৰ্যালয়ত একাংশ লোক দোকান বন্ধ কৰাৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে উপস্থিত হয় আৰু সেই সময়তে বাগিচাখনৰ চিকিৎসক গৰাকী ইভিনিং ৱাক কৰিবলৈ গৈ মুখা-মুখি হয় এই লোক সকলৰ।

ইয়াৰ পিছতে দলটোৱে চিকিৎসক গৰাকীক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে যদিও, চিকিৎসক গৰাকীৰ ঘৰত কৰ্মৰত কৰ্মচাৰীৰ তৎপৰতাত কথমপি প্ৰাণ ৰক্ষা পৰে চিকিৎসক গৰাকীৰ। চিকিৎসকৰ ওপৰত চলা এই আক্ৰমণৰ ঘটনা সন্দৰ্ভত বিশ্বনাথ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছে।