দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ১৫ এপ্ৰিল : এঘৰ মানুহৰ ঘৰলৈ সমাগম ঘটিছে বহু লোকৰ । সকলোৰে হাতে হাতে ধুপ-ধুনা,চাকি । কাৰণ উক্ত মানুহ ঘৰত উলাইছে এটি সোনৰ মূৰ্তি ।

এই ঘটনা দক্ষিণ কামৰূপৰ ৰামপুৰ সুজনপাৰাৰ । ৰাতিপুৱা চোতালত ঝাৰু দিয়াৰ সময়ত হঠাৎ এগৰাকী মহিলাই প্ৰথমে প্ৰত্যক্ষ কৰি এবাৰ হাতেৰে চুই দিয়ে এই সাপৰ নিচিনা মূৰ্তিটো। তাৰপিছতে মহিলা গৰাকীয়ে ঘৰৰ লোকক খবৰ দিয়াত হুৱাদুৱা লাগিল অঞ্চলটোত । তাৰপিছতে হঠাৎ বনজুই বিয়পা দি বিয়পি পৰে খবৰটি । মূৰ্তি চাবলৈ হেতা ওপৰা লাগিল ভক্তৰ । লানি নিচিগা সোঁত বৈছে ভক্তৰ । ভক্তই মুক্তিৰ ওচৰতে জ্বলাইছে ধুপ-ধুনা,চাকি-বন্তি । মুঠৰ ওপৰত এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ৰামপুৰৰ সুজনপাৰাত । ঘৰৰ লোকৰ মতে পূৰ্বতকৈ কিছু বৃদ্ধি হৈছে মূৰ্তিটোৰ উচ্চতা ।

ঘৰৰ আৰু স্থানীয়লোকৰ মতে এয়া সোণ অথবা পিতলৰ এটি বিষ্ণুৰ মূৰ্তি । এই খবৰ বিয়পাৰ লগে লগে প্ৰৱল বৰষুণকো নেওচি ভক্ত লানি নিচিগা সোঁত বৈছে দক্ষিণ কামৰূপৰ ৰামপুৰৰ সুজনপাৰাৰ দেৱেশ্বৰ কলিতাৰ ঘৰলৈ । দেৱেশ্বৰ কলিতা নামৰ লোকজনে জনোৱা ম’তে পোন প্ৰথমে এটি সৰু হৈ থকা এইটো বস্তুৱে এতিয়া পঞ্চমুখ সাপৰ নিচিনা হৈ শ্ৰী বিষ্ণুৰ অৱতাৰ ৰূপ গ্ৰহন কৰিছে ।

এতিয়া এই ঘটনাই ৰাইজৰ মাজত সৃষ্টি কৰিছে এক কৌতুহলৰ । অৱশ্যে ৰাইজে এই সোনালী বৰনৰ বস্তুটোক এটি ভগৱানৰ মূৰ্তি হিচাপে গ্ৰহন কৰাটো বিশ্বাস নে অন্ধবিশ্বাস সেয়া ৰাইজে বিচাৰ কৰক ।