নিউজ ডেস্ক, সংবাদ ৩৬৫, ৬ ছেপ্টেম্বৰ : জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ লালচ’কত পুনৰ নিৰাপত্তাৰক্ষীৰ ওপৰত গ্ৰেণেড আক্ৰমণ। আক্ৰমণত ১ জন লোক নিহত হোৱাৰ লগতে ১৩ জন লোক আহত হয় ।

আহতসকলক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। উল্লেখ্য যে ইয়াৰ পূৰ্বেও ২৯ অক্টোবৰত পুলৱামাত চি আৰ পি এফৰ এক পেট্ৰ’লিং পাৰ্টীলৈ লক্ষ্য কৰি গ্ৰেনেড নিক্ষেপ কৰিছিল সন্ত্ৰাসবাদীয়ে।