আব্দুল বাশিদ সৰকাৰ

হাটশিঙিমাৰী

১৭ অক্টোবৰ

ব্ৰহ্মপুত্ৰ নদীত ধাৰাবাহিকভাৱে জব্দ হৈ আছে চোৰাং পশুধন। নামনি অসমৰ জলপথ সমূহেৰে নিতৌ সৰবৰাহকাৰীয়ে চোৰাংভাৱে বাংলাদেশলৈ চালান দি আছে পশুধন। আৰক্ষীৰ অভিযান পুনৰ ব্ৰহ্মপুত্ৰ নদীত জব্দ যন্ত্ৰচালিত নাওঁসহ পশুধন। এইবাৰ আৰক্ষীৰ জালত চাৰি সৰবৰাহকাৰী।

নামনি অসমৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ নদী পথ সমূহেৰে অব্যাহত আছে চোৰাং পশুধনৰ সৰবৰাহ। বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ নিতৌ একাংশ পশুধন সৰবৰাহকাৰীয়ে বাংলাদেশলৈ চোৰাংভাৱে চালান দি আছে পশুধন। দক্ষিণ শালমাৰা আৰক্ষীয়ে চোৰাং পশুধন সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই প্ৰায়ে বৃহৎ পৰিমানৰ পশুধন জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰি আছে সৰবৰাহকাৰীক। শনিবাৰে পুৱতি নিশা দক্ষিণ শালমাৰা থানাৰ আৰক্ষীয়ে পুনৰ চোৰাং পশুধন সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই দক্ষিণ শালমাৰাৰ বংশিৰচৰ ভাৰত-বাংলাদেশ সীমান্তত ব্ৰহ্মপুত্ৰ নদীত এখন যন্ত্ৰচালিত নাওঁসহ ১৬ টা পশুধন জব্দ কৰাৰ লগতে ৪ গৰাকী পশুধন সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীৰ জালত পৰা সৰবৰাহকাৰী চাৰিজন হৈছে দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত মুঠাখোৱা গাঁৱৰ বাসিন্দা ছাইদুল ইছলাম, বাহাৰ আলী, পাশান আলী আৰু ছাইদুল ইছলাম। আৰক্ষীয়ে বৰ্তমান অধিক তথ্যৰ বাবে সৰবৰাহকাৰী চাৰিজনক জেৰা চলাই থকা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে তিনিদিন পূৰ্বেও দক্ষিণ শালমাৰা থানাৰ আৰক্ষীয়ে অভিযান চলাই দক্ষিণ শালমাৰাৰ মাটিফাটা ভাৰত-বাংলাদেশ সীমান্তত ব্ৰহ্মপুত্ৰ নদীৰ পৰা এখন যন্ত্ৰচালিত নাওঁসহ ৫০ টা পশুধন জব্দ কৰাৰ লগতে এজন পশুধন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল।

কিছুদিন পূৰ্বেও দক্ষিণ শালমাৰা থানাৰ আৰক্ষীৰ এটা সঁজাতি দলে অভিযান চলাই দক্ষিণ শালমাৰা ভাৰত-বাংলাদেশ সীমান্তৰ শুতলামাৰা মোটাখোৱাত ব্ৰহ্মপুত্ৰৰ পৰা এখন যন্ত্ৰচালিত নাওঁসহ ৩৮ টা গৰু জব্দ কৰিছিল। দক্ষিণ শালমাৰা মানকাচৰ জিলাত সীমান্ত সুৰক্ষা বাহিনী আৰু আৰক্ষীৰ চকুত ধূলি দি একাংশ পশুধন সৰবৰাহকাৰী দিনে-নিশাই বাংলাদেশলৈ চোৰাংভাৱে পশুধনৰ সৰবৰাহ আব্যাহত ৰাখিছে।