তেজপুৰ, সংবাদ ৩৬৫, ১১ জুলাইঃ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বাঘ হত্যাৰ লগত জড়িত দুই চোৰাং চিকাৰী শোণিতপুৰৰ ফটাশিমলুৰ নিবাসী ৰেজেক আলী আৰু ফজল উদ্দিনৰ আত্মসমৰ্পন। বিগত বৰ্ষৰ ২০ নবেম্বৰত চাৰিজনীয়া চোৰাং চিকাৰী গোপনে প্ৰৱেশ কৰি বিহ দি নিধন কৰিছিল এটা নাহৰ ফুটুকী বাঘ৷ তাৰ পিছত মৃত নাহৰ ফুটুকীটোৰ অংগ-প্ৰতংগ বিক্ৰীৰ বাবে যো-জা চলাইছিল চোৰাং চিকাৰীৰ দলটোৱে। যোৱা ১৮ জুনত বন বিভাগে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঘ হত্যা সন্দৰ্ভত চলোৱা অভিযানত বাঘৰ অংগ-প্ৰতংগসহ দুজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে। তাৰ পিছতেই ওৰাং আৰক্ষী থানাৰ অধীনস্থ ফটা শিমলুৰ নিবাসী চাৰি চোৰাং চিকাৰী ক্ৰমে – জিয়াবুৰ ৰহমান, আইজুল ইছলাম, কাছেম আলি আৰু ৰুপুল আলিয়ে বন বিভাগৰ ওচৰত আত্মসমৰ্পন কৰে আৰু ইয়াৰ পিছতেই এই চাৰি চোৰাং চিকাৰীক তেজপুৰস্হ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়৷