গুৱাহাটী

১৭ আগষ্ট

পুনৰ বিজেপি দলত যোগদান কৰিলে অভিনেতা যতীন বৰাই। সোমবাৰে এক সংবাদমেল অনুস্থিতি কৰি পুনৰ বিজেপিত যোগদানৰ কথা ঘোষণা কৰিলে অভিনেতা গৰাকীয়ে। পূৰ্বতে বিজেপি দল ত্যাগ কৰাৰ বাবে ক্ষমাও খুজিলে যতীন বৰাই।

“কা” আন্দোলনৰ সময়ত বিজেপি দল ত্যাগ কৰা জনপ্রিয় অভিনেতা যতীন বৰাই পূবৰ বিজেপিগামী হ’ল। সোমবাৰে অভিনেতা যতীন বৰাই এক সংবাদমেল অনুষ্ঠিত কৰি পুনৰ বিজেপিত যোগদান কৰাৰ কথা ঘোষণা কৰে। অভিনেতা গৰাকীয়ে সংবাদমেলত কয় যে ৰাজ্যৰ শিল্পী, কলা-কুশলী সকলৰ স্বাৰ্থতে তেওঁ পুনৰ বিজেপি দলত যোগদান কৰিছে। যতীন বৰাই লগতে কয় যে পূৰ্বতে লোৱা আবেগিক সিদ্ধান্তৰ বাবে মই ক্ষমা প্ৰাথনা বিচাৰিছোঁ। “কা” আন্দোলনৰ সময়ৰ পৰিৱেশ সম্পূৰ্ণ সুকীয়া আছিল। “কা” আন্দোলনৰ সময় আছিল এক আবেগিক পৰিৱেশ গতিকে শিল্পী হিচাপে মইও ব্যতিক্ৰম নাছিলোঁ। এজন আবেগ প্ৰবন শিল্পী হিচাপে সেই সোঁতত মইও উটি গৈছিলো। সময়ৰ লগে লগে মই বুজি উঠিলো যে আমাৰ যুক্তি আবেগ বশিভূত কৰিলে। “কা” আন্দোলনৰ পৰিণতিত কোনোবা ৰাজ্য সভাৰ সাংসদ হ’ল কোনোবাই আকৌ আহিবলগীয়া ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰে ৰাজনৈতিক দল গঠন কৰাৰ কুছ কৱাজ কৰিছে বুলিও সংবাদমেলত মন্তব্য কৰে অভিনেতা যতীন বৰাই। অভিনেতা গৰাকীয়ে সাংবাদিকৰ পৰা ৰাজ্য সভাৰ সাংসদ হোৱা অজিত কুমাৰ ভূঞাক আক্ৰমণ কৰি কয় যে অজিত কুমাৰ ভূঞা সাংসদ হিচাপে মনোনীত হোৱাতো এক নাটক।

অভিনেতা যতীন বৰাই সংবাদমেলত পূৰ্বৰ দৰেই বিজেপি দলৰ হৈ কাম কৰি যোৱাৰ কথাও প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে অসমীয়া জাতি আৰু অসমীয়া সংস্কৃতিৰ বিৰুদ্ধে কোনো কাম কৰা নাছিল আৰু নকৰে বুলিও মন্তব্য কৰে যতীন বৰাই।