পলাশবাৰী, সংবাদ ৩৬৫, ১৪ জুলাই : পুনৰ ২০১৯-২০ বৰ্ষৰ বাবে সাজু হ’ল ইতিহাস থিয়েটাৰ । দেওবাৰে মিৰ্জাত ইতিহাস থিয়েটাৰৰ শুভ নাট্যৰাম্ভ হয় । পুৱাৰে পৰা বিভিন্ন মাংগলিক ৰিতি-নীতি পুজা পৰম্পৰাৰে আজি দ্বাদশ বৰ্ষৰ বাবে সাজু হ’ল ইতিহাস থিয়েটাৰ । মিৰ্জাস্থিত আখৰাগৃহত বহুতো লোকৰ উপস্থিতিত আজি শুভাৰম্ভ ঘটে ইতিহাস থিয়েটাৰৰ ।

অভিজিত ভট্টাচাৰ্যৰ ‘তেজে ধোৱা মানুহ’,চম্পক শৰ্মাৰ ‘দানৱ’,ধ্ৰুৱ শৰ্মাৰ ‘এই মোৰ শেষ গান’ নামৰ ৩খন নাট লৈ সাজু হৈছে ইতিহাস থিয়েটাৰ । চম্পক শৰ্মাৰ পৰিচালনাৰে এই বৰ্ষত হ’বলগীয়া নাটকেইখনৰ এখন নাটকৰ আজি কিছু আখৰাও কৰে ।

এইবৰ্ষত অভিনয় কৰিব চম্পক শৰ্মা,অংকিতা শইকীয়া,ননী দেৱী,অঞ্জলী চেত্ৰী,জেফ্ৰী বক্সী,দুলাল শৰ্মাকে ধৰি কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰী ।