নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩১ মে’ : সলনি হ’ব ৰাজ্য চৰকাৰৰ কাৰ্যালয়ৰ সময়সূচী। বৃদ্ধি কৰা হ’ল কৰ্মচাৰীসকলৰ কৰ্ম সময়ো। উল্লেখযোগ্য যে বিগত বছৰসমূহত চৰকাৰী কাৰ্য্যালয়ৰ কাম কৰাৰ সময়সূচী আছিল পুৱা ৯.৩০ বজাৰ পৰা বিয়লি ৫ বজালৈকে। কিন্তু চলিত বৰ্ষৰ জুলাই মাহৰ পৰা এই সময়সূচীৰ সাল-সলনি হ’ব।
জুলাই মাহৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে কাৰ্য্যালয়ত উপস্থিত থাকিব লাগিব সম্পূৰ্ণ ৯ ঘন্টা । য’ত পূৰ্বতে কৰ্মচাৰীসকলে কার্য সম্পাদন কৰিছিল ৮ ঘণ্টা । অৰ্থাৎ জুলাই মাহৰ প্ৰথম দিনাৰ পৰা চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীসকল উপস্থিত হ’ব লাগিব পুৱা ৯ বজাত আৰু বিয়লি ৬ বজালৈকে কৰ্ম সম্পাদন কৰিব লাগিব কৰ্মচাৰীসকলে ।
আনহাতে, কৰ্মচাৰীসকলে সপ্তাহত দুটাকৈ দিন, প্ৰত্যেকটো শনিবাৰ আৰু ৰবিবাৰে কাৰ্যালয় বন্ধ পাব । য’ত নেকি পূৰ্বতে প্ৰত্যেক ৰবিবাৰ আৰু মাহৰ দ্বিতীয় আৰু তৃতীয় শনিবাৰে কাৰ্য্যালয় বন্ধ পাইছিল।
ইতিমধ্যে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে এই সন্দৰ্ভত সকলো যাৱতীয় কাম-কাজ সম্পূৰ্ণ কৰিছে । সোণোৱাল চৰকাৰৰ কেবিনেটত গৃহীত হ’লেই পহিলা জুলাইৰ পৰা ৰাজ্য চৰকাৰৰ কাৰ্যালয়ৰ নতুন নিয়ম কাৰ্য্যকৰী কৰা হ’ব।