কুন্দন ভৰালী

নগাঁও

৪ ছেপ্টেম্বৰ

পেট্ৰল ঢালি জ্বলাই দিলে পত্নী, পুত্ৰ আৰু কণমানি কন্যাক। মৃত্যু হৈছে পত্নী আৰু কনমানি কন্যা সন্তানৰ৷ সংকটজনক অৱস্থাত চিকিয়দালায়ত মৃত্যুৰ সৈতে যুঁজি আছে পুত্ৰ।

নগগাঁও জিলাৰ দুই নং মোলাপট্টিত সংঘটিত হৈছে এক নৃশংস ঘটনা। বৃহস্পতিবাৰে নিশা এজন লোকে জ্বলাই দিয়ে পত্নীৰ লগতে দুই সন্তানক। ৰফিকুল ইছলাম নামৰ লোক জনে পেট্ৰল ঢালি জ্বলাই দিয়ে পত্নী মিনাৰা বেগম, পুত্ৰ চিৰাজুল ইচলাম আৰু এটি কণমানি কন্যা সন্তানক। ৰফিকুল ইছলাম নামৰ লোক জনৰ এই নৃশংস কাণ্ডৰ ফলত ইতিমধ্যে মৃত্যু হৈছে মিনাৰা বেগম আৰু কণমানি কন্যা সন্থান্তটিৰ। ইফালে নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ মৃত্যুৰ সৈতে যুঁজি আছে ৰফিকুল ইছলাম আৰু মিনাৰা বেগমৰ পুত্ৰ সন্তান চিৰাজুল ইচলাম।

সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ পথত মিনাৰ ৱেগম আৰু কণমানি কন্যা সন্তানটিৰ মৃত্যু হয়। এই নৃশংস কাণ্ড সংঘটিত কৰা মিনাৰা বেগমৰ স্বামী ৰফিকুল ইছলাম বৰ্তমান পলাতক অৱস্থাত আছে। কি কাৰনত এই নৃশংস ঘটনা সংঘটিত হ’ল সেই কথা এতিয়াও নিশ্চিত ৰূপত জানিব পৰা হোৱা নাই।