উত্তৰ-পূৰ্বাঞ্চলৰ মানুহৰ চুলি পোনেই হয়৷ ঢৌ খেলোৱা যাক wavy hair বুলি কোৱা হয়, যথেষ্ট দেখা যায়৷ অৱশ্যে কিছুমানৰ ফুটকুৰা বা কেকুঁৰা চুলি থাকে৷ কেকোঁৰা চুলি ভাল লাগে, যদিহে ভালদৰে যত্ন লোৱা হয় আৰু ডিজাইনত কটা হয়৷ সেয়া অৱশ্যে সকলোৰে কাৰণে সম্ভৱ নহয়৷ কেইবছৰমানৰ পৰা দেখা গৈছে যে, এনে কেকোঁৰা চুলি পোন কৰাতো ষ্টাইলত পৰিণত হৈছে৷ ৰাসায়নিক দ্ৰব্য, বৈদুতিন যন্ত্ৰ আৰু হেয়াৰ ষ্টাইলিষ্টৰ কষ্টৰ দ্বাৰা এনে কেকোঁৰা চুলি স্হায়ী ভাবে পোন কৰাৰ ব্যৱস্থাকে ষ্ট্ৰেইটেনিং বোলা হয়৷ বিভিন্ন কোম্পানীৰ বিভিন্ন গুণাগুণৰ দ্ৰব্য বজাৰত পোৱা যায়৷ ল’ৰিয়েল, ওৱেলা, স্বৱাৰজকফ, বেচিনা আদি কোম্পানীৰ দ্ৰব্য অসমৰ বজাৰত উপলদ্ধ৷ হেয়াৰ ষ্টাইলিষ্টৰ অভিজ্ঞতা আৰু দক্ষতাৰ লগতে কৰোতা গৰাকীৰ চুলিৰ গঠন, ধৰণৰ ওপৰতো চুলি পোন স্হায়ী হোৱাতো বহু নিৰ্ভৰ কৰে৷ ইয়াৰ উপৰি চুলিত তেল, ক্ৰীম বা অন্য কোনো দ্ৰব্য লাগি থাকিলেও চুলি পোণ কৰিলে ই স্হায়ী ৰূপ নাপায়৷

ঋতুস্ৰাৱৰ সময়ত বা ইয়াৰ আগে-পিছে চুলি পোন কৰিব নালাগে৷ গৰ্ভৱতী নাৰী, সন্তানক দুগ্ধপান কৰোৱা মাতৃ, চৰ্মৰোগ, থাইৰয়ড, কৰ্কট ৰোগ, উচ্চ ৰক্তচাপ, ছালত ক’লাবোম পৰিলে তথা যি কোনো প্ৰসূতি ৰোগ হ’লে চুলি পোন বা ষ্ট্ৰেইটেনিং কৰাব নালাগে৷ হেয়াৰ ষ্টাইলিষ্ট গৰাকীও এনে ৰোগত ভূগিলে চুলি পোন বা ষ্ট্ৰেইটেনিং কৰিব নালাগে৷ ছালত কটা-ছিঙা, ঘাঁ, শালমন থাকিলেও ষ্ট্ৰেইটেনিং কৰাব নালাগে৷ ষ্ট্ৰেইটেনিং কৰাৰ বিধি কোম্পানীৰ দ্ৰব্য অনুযায়ী ভিন্ন হ’ব পাৰে৷ সেয়ে দ্ৰব্য লগত অহা প্ৰণালী বিধি পত্ৰিকাখন ভালদৰে পঢ়িব লাগে৷ ষ্ট্ৰেইটেনিং কৰাৰ পূৰ্বে দ্ৰব্য সমূহে সযত্নে ট্ৰলীত সজাই ল’ব লাগে৷ এই প্ৰণালীৰ কাৰণে প্ৰয়োজনীয় সা-সামগ্ৰী যেনে টেইল কম্ব, এফ্ৰ বোম্ব, বহল দাঁতৰ ফণী, ফ্লেট, ব্ৰাছ ড্ৰাইয়াৰ, আইৰণ মেছিন আদি হাতত সহজে পোৱাকৈ সজাই ল’ব লাগে৷ লগতে গ্লোভছ বা ৰবৰৰ হাত মোজা, কণ্ডিছনাৰ ষ্ট্ৰেইটেনিং, লোথৰ, দেভেলপাৰ ঈত্যাদি সজাই ল’ব লাগে৷ গৰম-ঠাণ্ডা ৱেব দি পানীৰো ব্যৱস্থা কৰি ল’ব লাগে৷ আৰামদায়ক ৱাশ্বিং ,ষ্টেছন বা মূৰ ধোৱাৰ ব্যৱস্থা আৰু গ্ৰাউন, এপ্ৰ’ন, টাৱেল, আয়না, হেয়াৰ কাটিং চেম্বাৰৰ সু-ব্যৱস্থা থকাটো প্ৰয়োজনীয়৷

ষ্ট্ৰেইটেনিং কৰাবলৈ প্ৰথমতে মূৰত ভালদৰে শ্বেম্পু কৰাই ল’ব লাগে৷ চুলিখিনি ফ্লেছ ব্ৰাছৰ সহায়ত ভালদৰে ড্ৰায়াৰেৰে শুকুৱাই ল’ব লাগে৷ ষ্ট্ৰেইটেনিঙৰ পূৰ্বে কপাল, ডিঙিত প্ৰটেকটিভ ক্ৰীম লগাব লাগে৷ হেয়াৰ ষ্টাইলিষ্টে হাতত গ্লোভছ পিন্ধি ল’ব লাগে৷ এটা প্লাষ্টিক চেৰামিক কাঁচৰ পাত্ৰত ষ্ট্ৰেইটেনিং লোম্বন উলিয়াই ল’ব লাগে৷ এই লোম্বন মূলত ভেলচিটি, লোঞ্চন, এমনিয়া, হাইড্ৰজেন পেৰক্সাইড আদি থাকে৷ ইয়াক ব্ৰাছৰ সহায়ত চুলিত লগাব লাগে৷ ইয়াৰ বাবে ফণীৰে পাতল তৰল এটা উলিয়াই ল’ব লাগে৷ ইয়াত ষ্ট্ৰেইটেনিং লোম্বন লগাই ল’ব লাগে৷ মিশ্ৰণটো বেছি ড্ৰাই বা পাতল হ’বও নালাগে৷ গ্লোভছ পিন্ধা হাতৰ আঙুলিৰে চুলিত লোঞ্চনখিনি ভালকৈ বহলাই লগাব লাগে৷ লোঞ্চন লগোৱা চুলিখিনি ভালদৰে তৰপে তৰপে ৰাখি যাব লাগে৷ চুলিখিনি ক্ৰমান্ধয়ে তলৰ পৰা ওপৰলৈ কৰি যাব লাগে৷ নিদিষ্ট সময় এনেদৰে ৰখাৰ পিছত চুলিখিনি ভালদৰে ধুব লাগে৷ চুলিখিনি শুকোৱাৰ পিছত পোন হোৱা-নোহোৱা পৰীক্ষা কৰি চুলিত ডেভেলপাৰ লগাব লাগে৷ এনেকৈ নিদিষ্ট সময় চুলিখিনি ৰখাৰ পিছত পুনৰ চুলিখিনি ভালদৰে ধুই কণ্ডিছনাৰ কৰি শুকোৱাব লাগে৷ ইয়াৰ পিছত ফ্লেট ব্ৰাছৰ সহায়ত আইৰণ মেছিনেৰে চুলিখিনি পোন কৰিব লাগে৷ চুলি পোন কৰাৰ পিছত চুলিৰ যত্ন খুব ভালদৰে ল’ব লাগে৷ নিয়মিত সময়ত চুলিৰ স্পা কৰাব লাগে৷ চুলিত তেল লগাবলৈ মানা কৰা হয় যদিও সময়ে সময়ে চুলিত তেল লগাব লাগে৷ অন্যথা চুলি বেছিকৈ সৰিব৷ তেল লগোৱাৰ এঘন্টাৰ পিছত ভালদৰে শ্বেম্পু কৰি কণ্ডিচনাৰ কৰিব লাগে৷

চুলিৰ দৈৰ্ঘ্য আৰু ঘনত্ব লৈ ষ্ট্ৰেইটেনিং কৰোতে সময় আৰু সামগ্ৰীৰ পৰিমান কম-বেছি লাগিব পাৰে৷ বহুত ব্যৱসায়িক প্ৰতিষ্ঠানে একে মূল্যত যিকোনো দৈৰ্ঘ্য আৰু ঘনত্বৰ চুলিত ষ্ট্ৰেইটেনিং কৰাৰ বিজ্ঞাপন দিয়ে৷ বহু সময়ত এনে ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন হৈছে৷ সেয়ে এনে ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিজ্ঞাপন পৰা সাৱধান হওঁক৷