কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ১৪ জানুৱাৰীঃ কগাছিয়াৰ স্থানীয় ৰাইজ আৰু কলগাছিয়া আৰক্ষীৰ সহযোগত কলগাছিয়াত পোন প্ৰথমবাৰৰ বাবে এইবাৰ মাঘ বিহু উদযাপন কৰা হয়। উৰুকাৰ নিশা কলগাছিয়াত বিহু নৃত্যত মতলীয়া হৈ পৰে কলগাছিয়াৰ যুৱক যুৱতী, চি আৰ পি এফৰ জোৱান আৰু আৰক্ষীসকল। কলগাছিয়াত কৰ্তব্যত নিয়োজিত চি আৰ পি এফ জোৱানসকলে বিহু গীত গাই আৰু বিহু নৃত্য পৰিবেশন কৰি ৰাইজক আমোদ দিয়াৰ লগতে নিজেও মতলীয়া হৈ পৰে। মাজনিশালৈ অঞ্চলটোৰ বয়সীয়াল লোকসকলে প্ৰথম বাৰৰ বাবে ভোগালী বিহুৰ আনন্দলৈ উৎফুল্লিত হৈ পৰে। নিশা সমগ্ৰহ অঞ্চলবাসী লগ হৈ কলগছিয়া আৰক্ষী চকীৰ আৰক্ষী বিষয়াসকলৰ লগত মিলিত হৈ ভেলাঘৰৰ বাকৰিত তৃপ্তিৰে ভোজ ভাত খাই দেওবাৰে পুৱা মাংগলিক নীতিৰে মেজিত অগ্নি সংযোৰ কৰি অগ্নি দেৱতাক পূজা কৰি অঞ্চলটোত থকা সকলো সম্প্ৰদায়ৰ লোকৰ মাজত একতাৰ এনাজৰী অটুট থকাৰ কামনা কৰে। এই মেজিৰ জইুয়ে যাতে সমগ্ৰহ অসমতে শান্তিৰ পৰিবেশ সৃষ্টি কৰি সকলোৱে মিলা প্ৰীতিৰে জীৱন নিৰ্বাহ কৰিব পাৰে তাৰ কামনা কৰে কলগাছিয়াবাসী ৰাইজ আৰু কলগছিয়া আৰক্ষী চকীৰ আৰক্ষী বিষয়াসকলে। উল্লেখ্য যে ৯৯.৯৮% শতাংশ সংখ্যালঘু প্ৰধান এলেকা কলগাছিয়াত মাঘবিহু উজাপন কৰি উৎসাহিত হৈ পৰে কলগাছিয়াৰ ৰাইজ তথা কলগছিয়া আৰক্ষী চকীৰ আৰক্ষী বিষয়া সুভাষ চন্দ্ৰ বৈশ্য।