ইমৰান আলীৰ সৈতে শ্বাহনৱাজ আহমেদ

ডিব্ৰুগড়ৰ

২৮ ছেপ্টেম্বৰ

ৰাজ্যৰ পৌৰ কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণকে ধৰি ২৭ মাহৰ প্ৰাপ্য দৰমহা মোকলাই দিয়াৰ দাবীত পুনৰ সৰৱ হৈ উঠিল সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থা। পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ ৰাজ্যিক সমিতিৰ আহ্বানমৰ্মে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ডিব্ৰুগড়তো পৌৰসভা কাৰ্যালয়ৰ সন্মুখত দহ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী।

২০১৩ চনৰ ৪ ছেপ্তেম্বৰত ৰাজ্য চৰকাৰে পৌৰ কৰ্মচাৰীসকলৰ বাবে গ্ৰহণ কৰা কেবিনেটৰ সিদ্ধান্ত কাৰ্যকৰী কৰি শীঘ্ৰে অধিসূচনা জাৰি কৰা, পৌৰ কৰ্মচাৰীসকলে পাবলগীয়া ৩ মাহৰ পৰা ২৭ মাহৰ দৰমহা মোকলাই দিয়া, চাকৰি নিয়মীয়াকৰণকে ধৰি ৭ টা দাবীক লৈ সোমবাৰৰ পৰা অহা ৭ অক্টোবৰলৈকে পৌৰ কৰ্মচাৰীসকলে ১০ ঘণ্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিছে। প্ৰতিবাদকাৰীসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে, চৰকাৰে পৌৰ কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে প্ৰতিশ্ৰুতিৰ পিছত প্ৰতিশ্ৰুতি দি আভুৱা ভাৰি আহিছে। পৌৰ কৰ্মচাৰীসকলৰ লগতে চূড়ান্ত বিশ্বাসঘাটকতা কৰিছে ৰাজ্যৰ বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুলিও ক্ষোভ উজাৰে প্ৰতিবাদকাৰী পৌৰ কৰ্মচাৰীসকলে। বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছত পৌৰ কৰ্মচাৰীসকলক লৈ ল’ৰা ধেমালী কৰা বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে পৌৰ কৰ্মচাৰীসকলে।

আনহাতে আগন্ত ২০২১’ৰ নিৰ্বাচনৰ ভিতৰত চৰকাৰে পৌৰ কৰ্মচাৰীসকলৰ সমস্যা সমাধানৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বিজেপিক যোগ্য প্ৰত্যুত্তৰ দিবলৈ পৌৰ কৰ্মচাৰীসকল সাজু বুলিও সঁকিয়নি প্ৰদান কৰে প্ৰতিবাদকাৰী পৌৰ কৰ্মচাৰীসকলে। প্ৰতিবাদী কাৰ্যসূচীত ডিব্ৰুগড় জিলাৰ চাবুৱা, মৰান, নাহৰকটীয়া আদি বিভিন্ন ঠাইৰ পৌৰ কৰ্মচাৰীসকলেও অংশগ্ৰহণ কৰে।