মানকাচৰ
২২ মার্চ
ভোট গ্ৰহণৰ বাবে দক্ষিণ শালমাৰা মানকাচৰ জিলাত ১৪৪০ গৰাকী প্রিছাইডিং আৰু পলিং বিষয়াক দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্রিছাইডিং আৰু পলিং বিষয়াক প্ৰশিক্ষণ প্ৰদান।
অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ উদ্যাগত চাৰি দিনীয়া কাৰ্যসূচীৰে প্রিছাইডিং আৰু প্ৰথম পলিং বিষয়া সকলক দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ আৰম্ভ কৰা হৈছে। জিলাখনৰ হাটশিঙিমাৰী মহাবিদ্যালয় আৰু কনিষ্ঠ মহাবিদ্যালয়ত মুঠ ১৪৪০ গৰাকী প্রিছাইডিং আৰু প্ৰথম পলিং বিষয়াক যোৱা ১৮ আৰু ২০ মাৰ্চত প্ৰশিক্ষণ দিয়াৰ লগতে সোমবাৰে আৰু মঙলাবাৰে চাৰি দিনীয়া কাৰ্যসূচীৰে প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। একেদৰে আন ১৪৪০ গৰাকী দ্বিতীয় আৰু তৃতীয় পলিং বিষয়াক অহা ২৪ আৰু ২৫ মাৰ্চত দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ দিয়া হ’ব। আনহাতে জিলাখনত মুঠ ২৮৮০ গৰাকী প্রিছাইডিং বিষয়া, প্ৰথম, দ্বিতীয় আৰু তৃতীয় পলিং বিষয়াক অহা ২৯ মাৰ্চৰ পৰা ১ এপ্ৰিললৈ চাৰি দিনীয়া কাৰ্য্যসূচীৰে তৃতীয় পৰ্যায়ৰ প্ৰশিক্ষণ দিয়া হ’ব।
অসম বিধানসভা নিৰ্বাচনকলৈ ৰাজনৈতিক দল সমূহ তৎপৰ হৈ পৰাৰ সমান্তৰালে প্ৰতীখন জিলাৰ আৰক্ষী আৰু প্ৰশাসনো শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ তৎপৰ হৈ পৰিছে। ইতিমধ্যে অহা ২৭ মার্চত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু হৈ আছে প্রিছাইডিং আৰু পলিং বিষয়া সকল।