গুৱাহাটী, সংবাদ ৩৬৫, ৩০ জুলাইঃ বহু প্ৰত্যাশিত অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ খচৰা প্ৰকাশ। অৱশেষত এন আৰ চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশ পালে। জাতি মাটি ভেটিৰ স্বাৰ্থত অস্তিত্ব ৰক্ষাৰ সাক্ষী ৩০ জুলাই। এন আৰ চিৰ চূড়ান্ত খচৰাৰ মুঠ আবেদনকাৰী আছিল ৩২,৯৯১,৩৮৪। তালিকাত নাম আহিল ২৮,৯৮৩,৬৭৬ জনৰ। বাদ পৰিল ৪০০৭৭০৮ জনৰ। এইয়া কিন্তু চূড়ান্ত এন আৰ চি নহয়। যাৰ নাম অহা নাই তেওঁলোকৰ চিন্তাৰ কোনো কাৰণ নাই। কিয়নো এইখন চূড়ান্ত খচৰা নহয়। সম্পূৰ্ণ খচৰাত নাম নাথাকিলেও চূড়ান্ত এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ সুযোগ লাভ কৰিব। দাবী আৰু আপত্তিৰ বাবে বাবে এন আৰ চি কতৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিছে। যিসকল নাগৰিকৰ নাম এন আৰ চিৰ খচৰাত অন্তৰ্ভুক্ত হোৱা নাই, তেওঁলোকে পুনৰ ৭ আগষ্টৰ পৰা ২৮ ছেপ্তেম্বৰলৈ এন আৰ চি সেৱা কেন্দ্ৰ আৰু অনলাইন যোগে আবেদন দাখিল কৰিব পাৰিব। www.nrcassam.nic.in ৱেবছাইট যোগে আবেদন দাখিল কৰিব পাৰিব।