গুৱাহাটী,১১ এপ্ৰিলঃ জলবায়ু পৰিৱৰ্তন, গোলকীয় উচ্চতা বৃদ্ধি ৰোধ কৰা আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে আমি মানৱ সমাজে বহু কাম কৰি আছো। ইয়াৰে ভিতৰৰ অন্যতম গছপুলি ৰোপন। টেলিভিশ্যনৰ পৰ্দা আৰু বাতৰি কাকতত আমি গছ পুলি ৰোৱা দৃশ্য প্ৰায়ে দেখিবলৈ পাওঁ। মন্ত্ৰী-আমোলাৰ পৰা আৰম্ভ কৰি স্বেচ্ছাসেৱী সংগঠন, সচেতন নাগৰিক সকলোৱে গছ পুলি ৰুই নিজৰ দ্বায়িত্ব পালন কৰে। কিন্তু, কেৱল গছ পুলি ৰোৱাতে আমাৰ দায়িত্ব শেষ নে? ইয়াৰ পিছত আমাৰ কৰণীয় নাইনে? প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত আমাৰ কৰণীয়খিনিৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে মহানগৰীৰ দাঁতিকাষৰীয়া এখন বিদ্যালয়ে৷

গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা প্ৰাকৃতিক সৌন্দৰ্যৰে সুসজ্জিত পক্ষী অৰণ্য দ্বীপৰ বিলৰ বিষয়ে আমি সকলোৱে জানো। থলুৱা লগতে হাজাৰ হাজাৰ পৰিভ্ৰমী চৰাইৰ বাসস্থান এই বিলখন। এই পক্ষী অৰণ্যৰ গাতে লাগি আছে চকৰদেও দেশভক্ত তৰুণৰাম ফুকন মধ্য ইংৰাজী চৰকাৰী বিদ্যালয়। এই বিদ্যালয়খনত পাঠ্যপুথিৰ ভিতৰত থকা শিক্ষাৰ পৰা আঁতৰি প্ৰতি শনিবাৰে এটা অতিৰিক্ত ক্লাছ কৰা হয়। এই অতিৰিক্ত ক্লাছত ছাত্ৰ ছাত্ৰীক দ্বীপৰ বিল আৰু ইয়াৰ জৈৱ বৈচিত্ৰৰ বিষয় শিক্ষা দিয়া হয়। দ্বীপৰ বিল সংৰক্ষণ, ইয়াত থকা গছ গছনি, পৰিবেশ কেনেকৈ ৰক্ষা কৰিব পাৰি এই বিষয়ক  অধ্যয়ন কৰা হয় অতিৰিক্ত ক্লাছত। অকল ক্লাছত শিক্ষা নহয় ইয়াত হাতে কামে লাগে শিক্ষক আৰু বিদ্যাৰ্থী৷ বিদ্যালয়খনত প্ৰতিজন শিক্ষক শিক্ষয়ত্ৰী আৰু ছাত্ৰ ছাত্ৰীয়ে ৰোপণ কৰিছে এজোপাকৈ গছ পুলি৷ এই গছ পুলিবোৰ ৰোপণ কৰা ব্যক্তৰ নামতে নামাকৰণ কৰা হৈছে। গছ পুলিবোৰ পানী-সাৰ দি প্ৰতিপালন কৰাৰ দ্বায়িত্ব ব্যক্তিজনৰ। বিদ্যালয়ৰ পাঠদান শেষ হোৱাৰ পিছত প্ৰতিজন শিক্ষক-শিক্ষাৰ্থী ব্যস্ত হৈ পৰে গছপুলি লগত। গছপুলিত পানী-সাৰ দিয়াৰ লগতে সকলো তত্বাৱধান কৰা এওঁলোকৰ দৈনন্দিন কাম। ছাত্ৰ ছাত্ৰীয়ে ভালকৈ তত্বাৱধান কৰি গছপুলি ডাঙৰ কৰিব পাৰিলে বিদ্যালয়ৰ ফালৰ পৰা পৰীক্ষাত  বিশেষ নম্বৰ দিয়া হয়। উপদেশতকৈ আৰ্হি ভাল তাৰে নিদৰ্শন দাঙি শিক্ষক শিক্ষয়ত্ৰীও নিজ নিজ কান্ধত লৈছে একো একোটা গছপুলিৰ দায়িত্ব৷

দ্বীপৰ বিলৰ এই বিদ্যালয়খনে শিক্ষানুষ্ঠানখনৰ বাহিৰেও প্ৰতি বছৰে পৰিৱেশ দিৱসৰ দিনা দ্বীপৰ বিলৰ চাৰিওফালে গছ পুলি ৰোপণ কৰে আৰু দ্বীপৰ বিল সংৰক্ষণৰ বাবে নানা সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰে। এই বিদ্যালয়খনে পৰিৱেশ সংৰক্ষণৰ বাবে কৰা কাম দেখি আন্তঃৰাষ্ট্ৰীয় সংগঠন ৱৰ্ল্ড বিল্ডলাইফ ফাণ্ড (WEF) এই বিদ্যালয়খনক মডেল স্কুল হিচাপে লৈছে।

পৰিৱেশ সংৰক্ষণৰ বাবে গছপুলি ৰুই নিজৰ দায়িত্ব শেষ বুলি ভবা আগতে এবাৰ এই বিদ্যালয়খনলৈ আহি আমি পৰিৱেশ সংৰক্ষণ কাক বোলে ইয়াৰ শিক্ষা লব পাৰো। চৰকাৰ আৰু পৰিৱেশ সংৰক্ষণৰ বাবে কাম কৰি অহা সংগঠনবোৰেও এই বিদ্যালয়খনৰ আৰ্হিত যদি কাম কৰে তেন্তে নিশ্চয় আমি জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উচ্চতা বৃদ্ধি ৰোধ কৰাত কিছু সফল হম৷