হোজাই, সংবাদ ৩৬৫, ২৫ মেঃ হোজাই জিলাৰ মোৰাঝাৰৰ জেবিন কৌচৰ এগৰাকী বিশেষ ভাৱে সক্ষম আৰু এজন সাধাৰণ গাড়ী চালকৰ কন্যা। শুক্ৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে জেবিন কৌচৰ৷ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা জেবিন কৌচৰ সাধাৰণ পৰীক্ষাৰ্থী নাছিল, বিশেষ ভাৱে সক্ষম জেবিনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভৰিৰে লিখিছিল। জেবিন কেৱল বিশেষভাৱে সক্ষমেই নহয় এগৰাকী দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা মেধাৱী ছাত্ৰী। জেবিনৰ পিতৃ এজন সাধাৰণ গাড়ী চলক আৰু কোনো মতে পোহপাল দিয়ে পৰিয়ালটোক৷ শাৰিৰীক প্ৰতিবন্ধকতাৰ আৰু দৰিদ্ৰতাক নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলি উঠা জেবিন কৌচৰে ৬৩ শতাংশ নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। মোৰাঝাৰ জ্ঞান জোতি একাডেমীৰ ছাএী জেবিন কৌচৰৰ সফলতাত বিদ্যালয়খনৰ শিক্ষক শিক্ষাত্ৰী সকলৰ লগতে প্ৰতিজন ছাত্ৰ ছাত্ৰী আনন্দিত হৈ পৰিছে। মোৰাঝাৰ গাইডেন্স জুনিয়ৰ কলেজ ট্ৰাষ্টৰ সম্পাদক ছাদিকুজ জামানে জেবিনৰ উচ্চতৰ মাধ্যমিক কলা শাখাৰ পঢ়াৰ সম্পূৰ্ণ খৰচ বহন কৰিব বুলি জানিব পৰা গৈছে৷ মোৰাঝাৰ গাইডেন্স জুনিয়ৰ কলেজ ট্ৰাষ্টৰ সম্পাদক ছাদিকুজ জামানে জেবিনৰ পঢ়াৰ সম্পূৰ্ণ খৰচ বহন কৰাৰ খবৰে উৎফুল্লিত কৰি তুলিছে জেবিনৰ লগতে পৰিয়ালৰ সদস্য সকলক।