গুৱাহাটী, সংবাদ ৩৬৫, ১৫ মে’ : প্ৰতিবন্ধকতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে। ইয়াকেই প্ৰমাণ কৰি দেখুৱালে ভাউৰি দেৱী চিৰাওগি মূক বধিৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ।

বিদ্যালয়খনৰ মুঠ পৰীক্ষাৰ্থীৰ ৩৩ জনৰ ভিতৰত ৩০ জন পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। তাৰে ১০ জনে প্ৰথম বিভাগত , দ্বিতীয় বিভাগত ১৭ জন আৰু তৃতীয় বিভাগত ৩ জন উত্তীৰ্ণ হৈছে।

উত্তীৰ্ণসকলৰ ভিতৰৰে এজন পৰীক্ষাৰ্থীয়ে টেক্সটাইল ডিজাইন এণ্ড ক্লথিং বিষয়ত লেটাৰ নম্বৰ পাই ৰাজ্যৰ ভিতৰতে প্ৰথম হবলৈ সক্ষম হোৱাৰ লগতে জেনেৰেল মেথমেটিক্সত ৪ জন, উড ক্ৰাফ্টত ১২ জন , কম্পিউটাৰ চাইন্সত ২ জন আৰু ফাইন আৰ্টছত ১ জনে লেটাৰ নম্বৰ পাবলৈ সক্ষম হৈছে।

ৰাজ্যৰ ভিতৰত এনেদৰে মূক বধিৰ ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে যদিও চৰকাৰে এইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে উচ্চ শিক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ বিশেষ ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই । কোনোবা এখিনিত যেন উপেক্ষিত হৈ ৰৈছে মূকবধিৰ শিক্ষাৰ্থী। এই ক্ষেত্ৰত ভাউৰি দেৱী চিৰাওগি মূকবধিৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী দেৱীকা দাসে চৰকাৰক উক্ত বিষয়তো গুৰুত্বসহকৰে লোৱাৰ কথা কয়।

শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই লব নে এই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কোনো ব্যৱস্থা? সকলোৰে বিকাশৰ কথা কোৱা চৰকাৰে কিয় এইদৰে উপেক্ষিত কৰি ৰাখিছে মূক বধিৰ শিক্ষাৰ্থীসকলক?