গুৱাহাটী, সংবাদ ৩৬৫, ১১ জানুৱাৰী : প্ৰত্যেক বছৰৰ দৰে এইবাৰো হায়াত হাস্পতালে হায়াত ইনষ্টিটিউট অৱ নাৰ্ছিং এডুকেছন আৰু হায়াত প্ৰতিবেশী সমাজৰ সহযোগত প্ৰাক ভোগালী বিহুৰ আয়োজন কৰে। সেই উদ্দেশ্যে শনিবাৰে বিশিষ্ট কৌতুক অভিনেত্ৰী চেতনা দাস আৰু বিশিষ্ট সংগীত শিল্পী বিমান বৰুৱাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰা প্ৰাগ ভোগালী বিহুত ৰোগী আৰু অভিভাৱকসকলৰ মাজত পৰম্পৰাগত পিঠা পনা বিতৰণ কৰে।

অভিনেত্ৰী চেতনা দাস, সংগীত শিল্পী বিমান বৰুৱা, হায়াত হাস্পতালৰ অধীক্ষক ডাঃ নাছিমুৰ ৰিয়াজ আৰু হাস্পতাল পৰামৰ্শদাতা ৰাজীৱ ভট্টাচাৰ্যই পিঠা পনা বিৰণৰ লগতে ৰোগীসকলৰ সৈতে শুভেচ্ছা বিনিময় কৰি আশু আৰোগ্য কামনা কৰে।

প্ৰাক ভোগালী উপলক্ষে সাংবাদিকৰে মত বিনিময় কৰি হায়াত হাস্পতালৰ মহাপ্ৰন্ধক পৰাগজ্যোতি দত্তই কয়ঃ অসমীয়া জাতিৰ বাপতিসাহোন বিহুটিত সকলোৱে নিজৰ নিজৰ পৰিয়ালৰ সৈতে কটাই আনন্দ উপভোগ কৰে। কিন্তু শাৰীৰিক অসুস্থতাজনিত কাৰণত ৰোগীসকলে নিকটাত্মীয়ৰ পৰা নিলগত থাকিবলগা হৈছে। সেয়ে প্ৰত্যেক বছৰৰ দৰেই এইবেলিও আমি ৰোগীসকলক বিহুৰ আনন্দ দিয়াৰ উদ্দেশ্যে পিঠা পনা বিতৰণ আৰু শুভেচ্ছা বিনিময়ৰ ব্যৱস্থা কৰিছো।

এই গোটেই অনুষ্ঠানটোৰ আঁত ধৰে হায়াত হাস্পতালৰ উপ অধীক্ষক ডাঃ বিষ্ণু দাসে।